ৰাজ্যসভাত বিজেপিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ অসমৰ তিনিখন আসনৰ বাবে ২৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা ৰাজ্যসভা নিৰ্বাচনৰ প্ৰথমখন আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিব প্ৰাক্তন কংগ্ৰেছী তথা সাংসদ ভুৱনেশ্বৰ কলিতাক । ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ভুৱনেশ্বৰ কলিতাৰ নাম ।
ইফালে, ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপিয়ে মিত্ৰজোঁট অৰ্থাৎ বিপিএফৰ প্ৰাৰ্থী বিশ্বজিত দৈমাৰীক প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে । বুধবাৰে নিজৰ মনোনয়ন দাখিল কৰে বিশ্বজিত দৈমাৰীয়ে ।
উল্লেখ্য যে, ৰাজ্যসভাৰ তৃতীয়খন আসনত বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে উমৈহতীয়া বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে । বুধবাৰে দিল্লীত দুয়োটা দলে উমৈহতীয়াভাৱে আয়োজন কৰা সংবাদমেলত অজিত ভূঞাই তেওঁলোকৰ প্ৰাৰ্থী হ’ব বুলি উল্লেখ কৰে ।