কাৰিকৰী শিক্ষা সঞ্চালকালয়ত চতুর্থ বর্গৰ ৫৫ পদঃ অন্তিম দিন ২০ মার্চ
অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে চতুর্থ বর্গৰ ৫৫ পদ৷ পদসমূহ বীয়েৰাৰ, পিয়ন, চকীদাৰ আৰু ৱর্কশ্বপ যোগালি পর্যায়ৰ৷ অচিৰেই তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাৰ প্রতিষ্ঠা হ’বলগীয়া পলিটেকনিকসমূহত উক্ত খালী পদসমূহ পূৰণ কৰা হ’ব৷
বিভাগীয় সঞ্চালকে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি চতুর্থ বর্গৰ পদসমূহ ক্রমে তিনিচুকীয়া (১১), মৰিগাঁও (১১), চিৰাং (১১), ওদালগুৰি (১১) আৰু হাইলাকান্দিত (১১) পূৰণ কৰা হ’ব৷ আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dte.assam.gov.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷