নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : মৰিগাঁও চহৰৰ সমীপৱৰ্তী দন্দুৱাত যোৱানিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এখন ই-ৰিক্সা বিক্ৰী আৰু মেৰামতি প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আন তিনিখনকৈ দোকান আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। প্ৰাপ্ত তথ্য মতে, দন্দুৱাৰ হাফিজীয়া ও ক্বাৰিয়ানা মাদ্ৰাছাখনৰ বজাৰ গৃহটোত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। দন্দুৱাৰ উক্ত মাদ্ৰাছা মাৰ্কেটখনত থকা উদীয়মান ব্যৱসায়ী মিনাৰুল হক নামৰ যুৱকজনৰ ই-ৰিক্সা বিক্ৰী আৰু মেৰামতিৰ দোকানখনত সূত্ৰপাত হৈছিল অগ্নিকাণ্ডটো। এই অগ্নিকাণ্ডত দোকানখনৰ ভিতৰত থকা চাৰিখনকৈ ই-ৰিক্সাৰ লগতে জ্বলী ভস্মীভূত হয় দোকানৰ আন আন সামগ্ৰী। আনহাতে, আস্কৰ আলী নামৰ ব্যৱসায়ীজনৰ গেলামালৰ দোকান আৰু ইছলাম ষ্টেচনী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কিছু সামগ্ৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয়। ইয়াৰ বিপৰীতে কৃষি বিকাশ কেন্দ্ৰ নামৰ সাৰৰ দোকান আৰু গুদাম ঘৰটোৰ বিস্তৰ ক্ষতিসাধন হয়। অগ্নিকাণ্ডটোৰ পিছতে মৰিগাঁৱৰ অগ্নিনিৰ্বাপক বাহিনী আৰু মৰিগাঁও সদৰ আৰক্ষী বাহিনীৰ বিশেষ তৎপৰতাত ৰক্ষা পৰে মাৰ্কেটখনৰ বহুকেইখন দোকান। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।