নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-নিৰ্বাচন : বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ

🔹 বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছ ধ্বংস যজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে, সেই মহাযজ্ঞত পূৰ্ণাহুতি দিছে পুত্ৰই : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🔹 বিহালীত কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জনহিতৈষী নীতিৰ জয়লাভ হ’লঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : সদ্য সমাপ্ত উপ-নিৰ্বাচনৰ আজি ভোটগণনাৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে জয়লাভ সাব্যস্ত কৰে। ৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত দিগন্ত ঘাটোৱালে জয়লাভ কৰাৰ পাছতে সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক পোষ্ট কৰে। সামাজিক মাধ্যমত দিয়া পোষ্টটোত মন্ত্ৰীগৰাকীয়ে কয় যে আগেয়ে কোৱাৰ দৰে আজি পুনৰ কৈছোঁ- ‘গৌৰৱ গগৈ কাগজৰ বাঘ৷ নীলা তেজৰ ৰাজনীতিৰ পৰিৱৰ্তে শ্ৰমিকৰ ঘামক উচিত সন্মান দিলে বিহালীৰ জনতাই৷ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এটা বিধানসভা সমষ্টিৰ দায়িত্ব লৈছিল গৌৰৱ গগৈয়ে। তেওঁৰ পাৰদৰ্শিতাৰ ৰিপ’ৰ্ট কাৰ্ড ইতিমধ্যে ৰাইজে পঢ়িলে৷ কথাই কথাই যোৰহাটৰ উদাহৰণ দিয়াসকলৰ বাবেও এয়া সমুচিত প্ৰত্যুত্তৰ৷ বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছ ধ্বংস যজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে, এতিয়া সেই মহাযজ্ঞত পূৰ্ণাহুতি দিছে পুত্ৰই৷’ ইপিনে, বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল জয়ী হোৱাৰ পাছতে মন্ত্ৰী পীয়ূষ হাজৰিকাই সামাজিক মাধ্যমত প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে বিহালী বিধানসভা সমষ্টিত ৩ সপ্তাহতকৈও অধিক সময় উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰি তেওঁলোকৰ দলৰ ওপৰত বিশ্বাস ৰখা বাবে বিহালীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি দলক ৰোধ কৰিবলৈ কংগ্ৰেছ দলে সকলো প্ৰকাৰৰ নিকৃষ্ট কৌশল অৱলম্বন কৰিলে, ভুৱা বাতৰি প্ৰচাৰ কৰিলে, দলীয় কৰ্মীৰ পৰা ধন আদায় কৰি তেওঁলোকৰ দলৰ নেতাই এমাহ সমষ্টিটোত বাহৰ পাতি প্ৰচাৰ চলালে। সদৌ শেষত কংগ্ৰেছ দলৰ এই সকলো নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনহিতৈষী নীতিৰ জয়লাভ হ’ল। মন্ত্ৰীগৰাকীয়ে দিগন্ত ঘাটোৱালৰ লগতে দলৰ কৰ্মকৰ্তা-শুভাকাংক্ষীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সহযোগিতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

You might also like