নিয়মীয়া বাৰ্তা, ১২ মার্চঃ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগত সংঘটিত এক বিস্ফোৰণৰ ঘটনাত চাৰিগৰাকী ছাত্র–ছাত্রী আহত হয় ৷ ইয়াৰে এগৰাকী ছাত্রীৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ প্রাপ্ত খবৰ অনুসৰি, বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ৰসায়ন বিভাগৰ ছাত্র–ছাত্রীসকলে বুধবাৰে পৰীক্ষাগাৰত কাম কৰি আছিল ৷ তেনে সময়তে ৰাসায়নিক বিক্রিয়াৰ ফলত এটা টেষ্ট টিউবৰ বিস্ফোৰণ হয় ৷ অকস্মাৎ হোৱা এই বিস্ফোৰণৰ ঘটনাত চাৰিগৰাকী ছাত্র–ছাত্রী আহত হয় ৷ আহত ছাত্র–ছাত্রীসকল হ’ল– দিপাশা সেনগুপ্ত, পঞ্চতাপা সেন, তন্ময় সাহা আৰু সৌৰভ পাল ৷ ইয়াৰে দীপাশা সেনগুপ্তৰ আঘাত গুৰুতৰ হোৱা বাবে উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ প্রেৰণ কৰা হৈছে ৷ এই ঘটনা সংক্রান্তত অসম বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, ৰসায়ন বিভাগৰ পৰীক্ষাগাৰত হোৱা বিস্ফোৰণৰ শব্দ শুনি সকলো আচৰিত হৈ পৰে ৷ তাৰ পাছতেই পৰীক্ষাগাৰত চাৰিগৰাকী ছাত্র–ছাত্রীক আহত অৱস্থাত পোৱা যায়৷ তেওঁলোকক ততালিকে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভর্তি কৰোৱা হয় ৷ দুগৰাকী ছাত্রক প্রাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় যদিও বিস্ফোৰণ সংঘটিত হোৱা টিউবটোৰ ওচৰত থকা বাবে দিপাশা সেনগুপ্তই চকুত আঘাত পায়৷ ছাত্রীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হ য়৷