নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰ প্রদূষণ

সর্বাংগ সুন্দৰ পৃথিৱীখন প্রদূষিত পৃথিৱীলৈ পর্যবসিত হৈছে মানৱসৃষ্ট কাৰণৰ বাবে৷ প্রদূষিত পৃথিৱীত মানৱ জাতিৰ বাবে স্বাস্থ্যৰ পৰা সকলো ক্ষেত্রতে প্রত্যাহ্বান আহি পৰিছে৷ সাধাৰণতে প্রদূষণ বুলি ক’লে স্থল, জল আৰু বায়ু প্রদূষণৰ প্রসংগ ওলায়৷ কিন্তু এইকেইটা প্রদূষণৰ উপৰি আন এক ভয়াৱহ প্রদূষণ আছে৷ যিয়ে পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ লগতে জীৱকুলৰ প্রতি ভাবুকি কঢ়িয়াই আছে৷ এই প্রদূষণ হৈছে আলোক প্রদূষণ তথা পোহৰ প্রদূষণ, যিটো সর্বসাধাৰণ নাগৰিকে ধাৰণা কৰাত জটিলতাৰ সৃষ্টি হয়৷ শেহতীয়াভাৱে গৱেষণাত মানৱ স্বাস্থ্যৰ ক্ষতিকাৰক বুলি পোহৰ প্রদূষণক নিশ্চিত কৰিছে বিজ্ঞানীয়ে৷ মাৰাত্মক ৰোগ হিচাপে এলজেইমাৰ ৰোগৰ অন্যতম কাৰণ হিচাপে পোহৰ প্রদূষণ নিশ্চিত হৈছে৷ বহির্ভাগত নিশা ব্যৱহাৰ কৰা অত্যধিক কৃত্রিম পোহৰ, কৃত্রিম পোহৰৰ অপব্যৱহাৰ, ভুল দিশত পৰিচালিত তথা অধিক কৃত্রিম পোহৰৰ ফলত সৃষ্টি হোৱা প্রদূষণ৷ এই আলোক প্রদূষণে বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইড বৃদ্ধিত অৰিহণা যোগায়৷ আলোক প্রদূষণৰ ফলত পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ লগতে মানৱীয় স্বাস্থ্যৰ প্রতিও সংকট নমাই অনাটো নিশ্চিত হৈছে৷ এই প্রদূষণে দিন আৰু ৰাতিৰ মাজৰ চক্রটোৰ ওপৰত নেতিবাচক প্রভাৱ পেলায়৷ ৰাতিৰ আকাশৰ সৌন্দর্য ম্লান কৰাই নহয়, আকাশৰ তৰা, নক্ষত্র দেখাৰ ক্ষেত্রতো বাধাৰ সৃষ্টি কৰে৷ পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ ওপৰত নেতিবাচক প্রভাৱ পেলায়৷ বন্য জীৱ–জন্তু, উদ্ভিদ জগতৰ প্রচণ্ড ক্ষতিসাধন কৰে৷ কোটি কোটি বছৰ ধৰি দিন–ৰাতিৰ ছন্দৰ ওপৰত পৃথিৱীৰ জীৱ–উদ্ভিদকুল বর্তি আহিছে৷ পৃথিৱীৰ দিন–ৰাতিৰ চক্রতেই নির্ভৰ কৰে গছ–গছনি আৰু জীৱ–জন্তুৰ জীৱন পৰিক্রমা৷ দিন–ৰাতিৰ আধাৰতেই জীৱ–জন্তুকেই ধৰি উদ্ভিদ জগতৰ প্রজনন, পুষ্টি, নিদ্রা আৰু আন জন্তুৰ পৰা সুৰক্ষাৰ আচৰণ নির্ধাৰিত হৈ আছে৷ এনে পৰিপ্রেক্ষিতত কৃত্রিম পোহৰৰ দ্বাৰা আলোক প্রদূষণ সৃষ্টি হোৱা পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ পৰিস্থিতি তন্ত্রৰ নেতিবাচক প্রভাৱ পৰাৰ ফলত পৃথিৱীৰ জীৱকুলৰ স্তন্যপায়ী, উভচৰ পক্ষী, কীট–পতংগৰ লগতে গছ–গছনিৰ স্থিতিত ব্যাঘাত জন্মিছে৷ সাধাৰণতে কৃত্রিম পোহৰৰ জৰিয়তে সৃষ্টি হোৱা আলোক প্রদূষণে পৃথিৱীৰ পৰিৱেশ তন্ত্রত ব্যাঘাত জন্মোৱাত দিনত নিদ্রাত থকা প্রাণীসমূহে ৰাতি সক্রিয় হৈ পৰাত ব্যাঘাত জন্মিছে৷ কিয়নো, আলোক প্রদূষণৰ ফলত ৰাতিৰ আকাশ পূর্বতকৈ অধিক উজ্জ্বল হৈ পৰিছে৷ এনে ঘটনাও পোহৰলৈ আহিছে যে আলোক প্রদূষণৰ ফলত মানুহৰ আচৰণ সলনি হোৱাৰ লগতে জীৱ–জন্তুৰ আচৰণো সলনি হ’বলৈ আগবাঢ়িছে৷ কৃত্রিম পোহৰে আর্দ্রভূমিৰ বসতিস্থলত প্রভাৱ পেলোৱাত উভচৰ প্রাণী ভেকুলীকে ধৰি বিভিন্ন প্রজাতিৰ প্রজননৰ ক্ষেত্রত ব্যাঘাত জন্মিছে৷
লক্ষণীয় যে দিন আৰু ৰাতিৰ চক্রৰ সৈতে নিজৰ বংশ বৃদ্ধিৰ পৰম্পৰা আগবঢ়াই নি থকা বহু প্রজাতিৰ জীৱ–জন্তুৰ প্রজননৰ ক্ষেত্রত নেতিবাচক প্রভাৱ পৰিছে৷ ঋতুভেদে বসতিস্থল সলনি কৰি ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ যোৱা প্রব্রজনকাৰী চৰাইৰ চক্রত ব্যাঘাত জন্মিছে৷ গৱেষকৰ তথ্য মতে, অত্যাধুনিক এলইডি বাল্বৰ ব্যৱহাৰে আলোক প্রদূষণৰ মাত্রা বৃদ্ধি কৰিছে৷ নিশাৰ আকাশখন কৃত্রিম পোহৰেৰে উজ্জ্বল কৰি তোলাৰ পৰিপ্রেক্ষিতত নিশাৰ ভাগত প্রজননকে ধৰি চালচলন কৰা বিভিন্ন প্রজাতিৰ জীৱ–জন্তুৰ জীৱনলৈ শংকা নামি অহাই নহয়, ইতিমধ্যে বহু প্রজাতিৰ জীৱৰ হানি ঘটিছে৷ কৃষি অঞ্চলত থকা কীট–পতংগ আলোক প্রদূষণৰ ফলত ক্ষতিসাধন হৈছে৷ মন কৰিবলগীয়া যে আলোক প্রদূষণৰ ফলত মানৱ শৰীৰত বিৰূপ প্রভাৱ পৰিছে৷ পোহৰ আৰু আন্ধাৰত নিয়ন্ত্রিত হোৱা কিম্বা উৎপাদিত হোৱা শৰীৰৰ কিছু চক্রৰ ক্ষেত্রত ব্যাঘাত জন্মিছে৷ মানুহে শোৱাৰ সময়ত পোহৰৰ সৈতে সম্পর্কিত হোৱাত মেলাটোনিনৰ উৎপাদন হ্রাস পাইছে৷ পৰিণতিত নিদ্রাৰ বিসংগতি কিম্বা নিদ্রাৰ বিকাৰ আৰম্ভ হৈ পিছলৈ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰে৷ টোপনি হ্রাস পালে মানুহৰ মূৰৰ বিষ বৃদ্ধি পোৱা, কার্যক্ষমতা হ্রাস পোৱা, অলপতে ভাগৰ লগা আদি বহু ৰোগে আমনি কৰে৷ আনকি, আলোক প্রদূষণৰ ফলত নিদ্রাহীনতাই মানুহৰ দেহলৈ কর্কট ৰোগৰ আগমনো ঘটাব পাৰে৷ দিন আৰু ৰাতিৰ পৰিক্রমাৰ আধাৰত জীৱন–চক্র পৰিচালিত জীৱ–জন্তুৰ ওপৰত আলোক প্রদূষণে মাত্রাধিক প্রভাৱ পেলায়৷ অত্যধিক কৃত্রিম পোহৰৰ ফলশ্রুতিত সম্প্রতি নিশাৰ আকাশখন প্রতিবছৰে ৯.৬ শতাংশ উজ্জ্বলতৰ হৈ গৈ আছে৷ ৮ বছৰ পূর্বৰ নিশাৰ আকাশখনৰ উজ্জ্বলতা এতিয়া দুগুণ বৃদ্ধি হৈছে৷ তথ্য মতে, বিশ্বৰ মূল জৈৱ–বৈচিত্র্য অঞ্চলৰ দুই তৃতীয়াংশ আলোক প্রদূষণৰ দ্বাৰা প্রভাৱান্বিত হৈছে৷ অর্থাৎ এই দুই তৃতীয়াংশ অঞ্চলত আলোক প্রদূষণে নেতিবাচক প্রভাৱ পেলাই জৈৱ–বৈচিত্র্যত আঘাত হানিছে৷ পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ ওপৰত ব্যাঘাত জন্মোৱা আলোক প্রদূষণ হ্রাস কৰিবলৈ হ’লে কিম্বা নিয়ন্ত্রণ কৰিবলৈ হ’লে প্রতিজন নাগৰিকে অনাহকত মাত্রাধিক কৃত্রিম পোহৰৰ উজ্জ্বলতা পৰিহাৰ কৰিব লাগিব৷ সঠিক সময়ত সঠিক পোহৰ, সঠিক ঠাইত সঠিক পোহৰৰ মন্ত্রক গুৰুত্ব দিব লাগিব৷ আমি প্রতিগৰাকী নাগৰিক সচেতন–সজাগ হোৱা প্রয়োজন৷

You might also like