নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ পৰা ভাৰত চৰকাৰৰ কোষাগাৰলৈ ৮৯.৪৯ কোটি টকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ নৱেম্বৰঃ আই পি এল ২০২৫ৰ মেগা নিলামে খেলুৱৈসকলৰ পকেট উষ্ণ কৰাই নহয় ভাৰত চৰকাৰৰ তহবিলো যথেষ্ট বৃদ্ধি কৰে। যদিও নিলাম চৌদি আৰৱত অনুষ্ঠিত হৈছিল, তথাপিও ইয়াত বিক্ৰী হোৱা খেলুৱৈসকলৰ দৰমহাৰ পৰা পোৱা টিডিএছ কেৱল ভাৰত চৰকাৰকহে দিয়া হ’ব। গতিকে মেগা নিলামত কিমানজন খেলুৱৈৰ বাবে কিমান টকা খৰচ হৈছিল আৰু ইয়াৰ পৰা ভাৰত চৰকাৰে টিডিএছৰ ৰূপত কিমান টকা পাব সেই বিষয়ে জানো আহক। আই পি এল ২০২৫ৰ মেগা নিলামত ১০টা দলৰ আটাইকেইটা দলৰ সৰ্বাধিক ২০৪টা শ্লট খালী আছিল। দলসমূহে মুঠ ১৮২জন খেলুৱৈ ক্ৰয় কৰিছিল। এই খেলুৱৈসকলক ক্ৰয় কৰিবলৈ দলসমূহে মুঠ ৬৩৯.১৫ কোটি টকা ব্যয় কৰিছিল। ১৮২জনৰ ভিতৰত ১২০জন ভাৰতীয় আৰু ৬২গৰাকী বিদেশী খেলুৱৈ বিক্ৰী হয়। ভাৰতীয় খেলুৱৈৰ বাবে ৩৮৩.৪০ কোটি টকা ব্যয় হোৱাৰ বিপৰীতে বিদেশী খেলুৱৈৰ বাবে ২৫৫.৭৫ কোটি টকাৰ নিবিদা কৰা হয়। ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ মুঠ পৰিমাণ অনুযায়ী ভাৰত চৰকাৰে লাভ কৰিব টিডিএছ। খবৰ অনুসৰি ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ দৰমহাত বিভিন্ন টিডিএছ কৰ্তন কৰা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় খেলুৱৈৰ আই পি এলৰ দৰমহাত ১০ শতাংশ টি ডি এছ আৰু বিদেশী খেলুৱৈৰ আই পি এলৰ দৰমহাত ২০ শতাংশ টি ডি এছ দিয়া হ’ব। ভাৰতীয় খেলুৱৈৰ বাবে ৩৮৩.৪০ কোটি টকা ব্যয় কৰা হৈছিল, সেই অনুসৰি টিডিএছ আছিল ৩৮.৩৪ কোটি টকা। আনহাতে বিদেশী খেলুৱৈৰ বাবে ২৫৫.৭৫ টকা ব্যয় কৰা হৈছিল, যাৰ মতে টিডিএছ আছিল ৫১.১৫ কোটি টকা। দুয়োটা মিলি ৮৯.৪৯ কোটি টকা, যি টিডিএছৰ ৰূপত ভাৰত চৰকাৰৰ কোষাগাৰলৈ যাব। উল্লেখযোগ্য যে আই পি এল ২০২৫ৰ মেগা নিলামত ঋষভ পণ্টৰ ওপৰত আটাইতকৈ ডাঙৰ নিলাম দিয়া হৈছিল। তাৰ পিছত শ্ৰেয়াছ আয়াৰে তালিকাত দ্বিতীয় স্থানত থাকে। দুয়োৰে আই পি এলৰ দৰমহাত মাত্ৰ ২৫ লাখ টকাৰ পাৰ্থক্য আছিল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাত ক্ৰয় কৰিছিল পণ্ট। আনহাতে পঞ্জাব কিংছে ২৬.৭৫ কোটি টকাত শ্ৰেয়াছ আয়াৰক ক্ৰয় কৰিছিল। ইয়াৰ লগে লগে পণ্ট আৰু আয়াৰে আই পি এলৰ ইতিহাসত ক্ৰমে প্ৰথম আৰু দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হয়।

You might also like