খুমটাই আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান আৰোগ্য শিবিৰ
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : খুমটাই আদৰ্শ চিকিৎসালয়ত আজি আয়ুষ্মান আৰোগ্য শিৱিৰ অনুষ্ঠিত হৈ যায়। আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নবীন গোহাঁইয়ে ফিটা কাটি উদ্বোধন কৰা শিৱৰত চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ মনোজ হাজৰিকা, স্বাস্থ্য প্ৰশিক্ষক মল্লিকা গগৈ,এ বি পি এম প্ৰকাশ জ্যোতি মহন্ত, ফামাৰ্চিছ পলৱী কুৰ্মীৰ লগতে চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে। চিকিৎসা সেৱা আগবঢ়ায় ডাঃ দীপালি কলিতা, ডাঃ অজয় সিং, জি এন এম জীনুমনি তামুলী ,নিভাৰানী মিনজ্, গায়ত্ৰী গগৈ,খিৰোমনী গগৈ,এ এন এম ধানেশ্বৰী মাহত্ব,পদ্মা বৰপাত্ৰগোঁহাই,দীপা গগৈ,ৰূপৰেখা কুৰ্মী, , বহু মুখী স্বাস্থ্য কৰ্মী অমিত তাঁতী,লেবটেৰী টেকনিচিয়ান ৰানু তামুলী, আশা চুপাৰ ভাইপাৰ মনালিছা হাজৰিকা, ৰঞ্জিতা সন্দিকৈ আৰু প্ৰতিভা বৰাৰ লগতে চিকিৎসালয়খনৰ আশা কৰ্মীসকল উপস্থিত থাকে। আনহাতে চিকিৎসালয়খনৰ কৰ্মচাৰী পাৰ্থ নন্দি, দীপিকা বৰা, লক্ষেশ্বৰ গগৈ, প্ৰদীপ গগৈ আৰু ৰবিন চন্দ্ৰ গগৈ উপস্থিত থাকে।শিৱিৰত বিনামূলীয়া চিকিৎসা সেৱা, ৰক্তচাপ পৰীক্ষা, চুগাৰ, হিমগ্লবিনৰ লগতে গৰ্ভৱতী মহিলা আদি বিভিন্ন ৰোগৰ পৰীক্ষা কৰা হয়। আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়।শিৱিৰত আয়ুষ্মান আৰু আভা কাৰ্ড বনোৱা হয়।
প্ৰেৰক নবীন গোহাঁই