🔹 সিদ্ধু দম্পতীলৈ ৮৫০ কোটি টকাৰ জাননী চিকিৎসক সংগঠনৰ
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : কেঁচা হালধি, নেমুটেঙাত কর্কট ৰোগ নিৰাময়! শেহতীয়াকৈ এনে ঘৰুৱা তথা প্রাকৃতিক চিকিৎসাৰে পত্নীক মাৰণ ৰোগৰ পৰা মুক্ত কৰা বুলি দাবী কৰিছে প্রাক্তন ক্রিকেটাৰ তথা ৰাজনৈতিক নেতা নৱজ্যোৎ সিং সিদ্ধুৱে৷ প্রাক্তন তাৰকা ক্রিকেটাৰৰ এনে দাবীৰ পৰিপ্রেক্ষিতত বিভিন্ন মহলত সৃষ্টি হৈছে চর্চা৷ আনকি ক্রিকেটাৰগৰাকীৰ এই দাবীক বিভিন্ন মহলে আজব বুলিও অভিহিত কৰিছে৷ শেহতীয়াকৈ এটা চিকিৎসক সংগঠনৰ তৰফৰ পৰা ৮৫০ কোটি টকাৰ জাননী প্রেৰণ কৰা হৈছে সিদ্ধু দম্পতীলৈ৷ দীর্ঘদিন ধৰি কর্কটৰ সৈতে যুঁজি আছে ক্রিকেটাৰগৰাকীৰ পত্নী নৱজ্যোৎ কৌৰ সিদ্ধুৱে৷ অসুস্থ পত্নীক চিকিৎসা সম্পর্কীয় বিষয়ত শেহতীয়াকৈ এক সংবাদ মেল আয়োজন কৰি আজব দাবী কৰিছে সিদ্ধুৱে৷ তেওঁ দাবী কৰিছে যে এল’পেথী নহয়, তেওঁৰ পত্নীৰ চিকিৎসা চলে সম্পূর্ণ ঘৰুৱা আয়ুর্বেদ পদ্ধতিত৷ য’ত ব্যৱহাৰ কৰা হৈছে কেঁচা হালধি, তুলসী, নেমুটেঙা, আপেলৰ ভিনেগাৰ আৰু মহানিমৰ পাতৰ দৰে বিভিন্ন সামগ্রী৷ ইয়াৰ উপৰি বেদনা, আখৰোট, আমলখি আৰু বীটৰ জুচ দিয়া হৈছে তেওঁৰ পত্নীক৷ এনেদৰে সুস্থ হৈ পৰিছে কৌৰ৷ ইয়াৰ পিছতে চণ্ডীগড় চিভিল ছ’টাইটী নামৰ চিকিৎসক সংগঠনটোৱে সিদ্ধুৰ এনে দাবীয়ে জনসাধাৰণৰ মাজত ভুল বার্তা বিয়পাব বুলি আশংকা কৰিছে৷