ৰাম মন্দিৰ দৰ্শন কৰি ওভতাৰ পথত সন্ধানহীন বঙাইগাঁৱৰ সন্তোষ সৰকাৰ
বিশেষ বাৰ্তা, ৩০ নৱেম্বৰঃ অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰি পৰিয়ালৰ ৬গৰাকী সদস্যৰে সৈতে তিনিচুকীয়া অমৃতসৰ এক্সপ্ৰেছেৰ ৰেলেৰে গুৱাহাটীলৈ ঘূৰি আহি থকাৰ পথতেই সন্তোষ সৰকাৰ নামৰ এগৰাকী ৮৫ বছৰীয়া বয়োজ্যেষ্ঠ ব্যক্তিগৰাকী সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ঢেকিয়াজুলিৰ এখন চাহ বাগিছাত কৰ্মৰত চিকিৎসক সাধন সৰকাৰে বঙাইগাঁও জিলাৰ বিজনী গাওঁ নিৱাসী নিজ পিতৃ সন্তোষ সৰকাৰৰ লগতে পৰিয়ালৰ ৬গৰাকী সদস্যক লগত লৈ অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰি ২ নৱেম্বৰ তাৰিখে তিনিচুকীয়া অমৃতসৰ এক্সপ্ৰেছ ৰেলেৰে গুৱাহাটীলৈ ঘূৰি আহি থকাৰ পথতেই সন্তোষ সৰকাৰ নামৰ এগৰাকী ৮৫ বছৰীয়া বয়োজ্যেষ্ঠ ব্যক্তিগৰাকী মুজফ্ফৰপুৰৰ হাজীপুৰ জংচন পোৱাৰ পিছতেই নিশা ১০:৩০ বজাৰ পৰা সন্ধানহীন হৈ পৰে৷ পৰিয়ালৰ বাকীসকল সদস্য নিশা শুই থকা সময়তে বয়োজ্যেষ্ঠ ব্যক্তিগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে৷ পিছত পৰিয়ালৰ লোকে ৰেলখনৰ চাৰিওফালে ব্যক্তিজনক বিচাৰি হাঁহাকাৰ কৰে যদিও ৰেলখনত নাপাই পুনৰ আন এটা ৰেল ষ্টেচনত নামি মুজফ্ফৰপুৰৰ হাজীপুৰ জংচনত ৰেল আৰক্ষীক নিৰুদ্দেশ সন্দৰ্ভত এটা গোচৰ দিয়ে যদিও বৰ্তমান প্ৰায় এমাহ সময় হ’ল বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ নকৰি পৰিয়ালটো দুখত ম্ৰিয়মান হৈ পৰিছে৷ কোনো সদাশয় লোকে ৮৫ বছৰীয়া বয়োজ্যেষ্ঠ ব্যক্তি সন্তোষ সৰকাৰৰ কিবা সম্ভেদ লাভ কৰিলে 8638898552 ফোন নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে চিকিৎসক পুত্ৰ সাধন সৰকাৰে।
প্ৰেৰক কল্পজ্যোতি নাথ