🔹 বাল্যবিবাহৰ বিৰুদ্ধে নজিৰ গঢ়িলে শ্বাৰজিনা আহমেদে
বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বাল্যবিবাহ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ লোৱাৰ সময়তে এগৰাকী ছাত্রীয়ে সাহসিকতাৰে নিজৰ বিবাহৰ বিৰোধ কৰি উচ্চ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ কামৰূপ জিলাৰ ছমৰীয়া শিক্ষাখণ্ডৰ অন্তর্গত বদলা–ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত বাল্যবিবাহ আৰু ইয়াৰ ভয়াৱহতা সম্পর্কত এক গাম্ভীর্যপূর্ণ আলোচনা–চক্র অনুষ্ঠানত ‘সাহসিকতা বঁটা’ প্রদান কৰা হয় নিজৰ বিবাহৰ বিৰোধিতা কৰা শ্বাৰজিনা আহমেদ নামৰ নৱম শ্রেণীৰ ছাত্রীগৰাকীক৷ অৱসৰপ্রাপ্ত শিক্ষক আবুবক্কৰ ছিদ্দিকৰ সঞ্চালনত সহঃ শিক্ষক দীপক ৰাভাই আঁত ধৰা আলোচনা–চক্রত মুখ্য আলোচক হিচাপে সাংবাদিক আবুল হাছেমে উপস্থিত থাকি ছাত্র–ছাত্রীক উদ্দেশ্যি বাল্যবিবাহৰ ক্ষতিকাৰক দিশসমূহ সন্দর্ভত আলোকপাত কৰে৷ ভাষণত তেওঁ কয় যে মাতৃ শিক্ষিত হ’লেহে এখন সুস্থ সমাজ, সুস্থ জাতি গঠন কৰা সম্ভৱ৷ শ্বাৰজিনা আহমেদৰ দৰে প্রত্যেকগৰাকী ছোৱালীয়ে বাল্যবিবাহৰ বিৰোধ কৰিলেহে বাল্যবিবাহ ৰোধ কৰাটো সম্ভৱ হৈ উঠিব৷ আলোচনা–চক্রত সহঃ শিক্ষক বিলায়েত হুছেইন, অৱসৰপ্রাপ্ত শিক্ষক আহচান আলী, প্রাক্তন ছাত্র সুৰজুল ইছলামে তথ্যগধুৰ ভাষণ আগবঢ়ায়৷ জানিব পৰা মতে, কিছুদিন পূর্বে বিদ্যালয়খনৰ নৱম শ্রেণীৰ ছাত্রী শ্বাৰজিনা আহমেদৰ পৰিয়ালৰ লোকে ছাত্রীগৰাকীৰ বিবাহৰ বন্দৱস্ত কৰিছিল৷ ছাত্রীগৰাকীয়ে পৰিয়ালৰ সেই সিদ্ধান্তত বিৰোধ কৰি বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রীক ঘটনাৰ বিষয়ে অৱগত কৰি শিক্ষক–শিক্ষয়িত্রীৰ সহযোগত নিজৰ বিবাহ বাতিল কৰিবলৈ সমর্থ হয়৷ ছাত্রী শ্বাৰজিনা আহমেদৰ এনে কার্যত বিদ্যালয় কর্তৃপক্ষই সাহসিকতা বঁটাৰ লগতে ফুলাম গামোচাৰে সম্বর্ধনা জনায়৷ পৰিচালনা সমিতিৰ সভাপতি আব্দুল খালেক আহমেদৰ পৌৰোহিত্যত আৰু সহঃ শিক্ষক দীপক ৰাভাই আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ জামাল উদ্দিন আহমেদ, বিশিষ্ট অতিথি গৰৈমাৰী সমূহীয়া স্বাস্থ্যকেন্দ্রৰ চিকিৎসক ডাঃ ৰবিউল হুছেইন, অৱসৰপ্রাপ্ত প্রধান শিক্ষক আব্দুল মতিন সৰকাৰ, মতিউৰ ৰহমান, আহচান আলীৰ লগতে প্রধান শিক্ষক আব্দুল বাৰিক আহমেদে ছাত্র–ছাত্রীক উদ্দেশ্যি মূল্যৱান ভাষণ আগবঢ়োৱাৰ লগতে শ্বাৰজিনা আহমেদৰ সাহসিকতা অন্য ছাত্রীৰ বাবে প্রেৰণাদায়ক বুলি উল্লেখ কৰে৷