সুকন্যা : কঠোৰ শ্রমেৰে অর্থনীতিৰ বুনিয়াদ গঢ়িছে কামৰূপৰ এজাক মহিলাই
দিগন্ত শর্মা
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উজানবজাৰ অঞ্চলৰ এটা পথৰ দাঁতিত বহি শাক–পাচলি, ফল–মূল বিক্রী কৰি আছিল এগৰাকী মহিলাই৷ প্রায় চল্লিশ বছৰীয়া জানকী ৰাভা নামৰ মহিলাগৰাকীৰ ঘৰ কামৰূপ গ্রাম্য জিলাৰ বকো অঞ্চলৰ নিকটৱর্তী কায়ষ্ঠপাৰা গাঁৱত৷ পুৱা ৪–৫ মান বজাতে ঘৰৰ পৰা আহি কোনোমতে ৯ বজাতহে বজাৰখন পাতিব পাৰিলোঁ৷ পুৱাহ আমি মহিলাবোৰে শাক–পাচলি, ফল–মূলৰ বস্তাবোৰ গাড়ীত তোলোঁ৷ একেলগে চাৰি–পাঁচগৰাকী মহিলাই একোখন গাড়ী ভাৰাত লওঁ৷ সামগ্রীৰ বস্তাবোৰৰ সৈতেই আমি গাড়ীৰ পিছফালে উঠি থিয় হৈ আহো৷ পুৱা আমাৰ গাঁৱৰ পৰা যাত্রা আৰম্ভ কৰিলে ৮ মান বজাত গুৱাহাটীৰ উজানবজাৰ পাওঁ৷ হয়াতে আহি পথৰ দাঁতিত বস্তাবোৰ নমাই বজাৰ পাতোতে এঘণ্টামান লাগে৷ তাৰ পিছত দিনটো সামগ্রীবোৰ বিক্রী কৰি আকৌ সন্ধিয়া ৬টা মান বজাত আমি উভতি যাওঁ৷ ঘৰ পাওঁতে নিশা ৮–৯টা বাজে৷ ভিতৰৰ গাঁৱৰ পৰা প্রায় ৭০ কিলোমিটাৰ পথ এইদৰেই আহি সামগ্রী বিক্রী কৰি আমি যিকেহটা ধন পাওঁ সেহকেইটাৰে ঘৰ চলাওঁ৷’…
জানকীয়ে গুৱাহাটী মহানগৰীৰ পৰা প্রায় আশী কিলোমিটাৰ দূৰৈৰ এই গাঁওখনৰ পৰা শাক–পাচলি, ফল–মূল আনি বিক্রী কৰিছে৷ পিছে কেৱল তেওঁৱেই নহয়, বকো অঞ্চলৰ বৃহত্তৰ শিঙৰা গাঁৱৰ দেৱজানী ৰাভা, পুতুলী ৰাভা, ৰেখামণি ৰাভা আদি বহু মহিলাহ সপ্তাহত তিনি–চাৰিদিনকৈ সত্তৰ–আাশী কিলোমিটাৰ পথ অতি কষ্টৰে অতিক্রম কৰি আহে গুৱাহাটী মহানগৰলৈ৷ সকলোৰে উদ্দেশ্য নিজ ঘৰত উৎপাদিত বা গাঁৱৰ ঘৰে ঘৰে উৎপাদিত বিভিন্ন শাক–পাচলি, কচু–ঢ়েঁকীয়া, আদা–হালধি, আলু, বিভিন্ন জাতৰ টেঙা, হাঁহ–পাৰ–কুকুৰা, ভিন্ন প্রকাৰৰ চাডল, কল–কুঁহিয়াৰ আদি আনি চহৰত বিক্রী কৰা৷ কামৰূপ জিলাৰ বেলপাৰা, ৰাজাপাৰা, শিঙৰা, বক্রাফিৰা আদিৰ দৰে অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ, গ্রাম্যাঞ্চলীয় জনতাৰ অর্থনৈতিক উত্তৰণৰ পথ নির্মাণৰ কাহিনী এয়া৷ শিঙৰা গাঁৱৰ কবিতা ৰাভা নামৰ মহিলাগৰাকীয়ে কয় – ‘আমি কেৱল নিজৰ ঘৰত ডৎপাদিত সামগ্রীয়েই যে লৈ আহো তেনে নহয়, আমাৰ অঞ্চলটোৰ খেতিয়কসকলে ঘৰতে উৎপাদন কৰা সামগ্রীবোৰ সংগ্রহ কৰোঁ৷ বিশেষকৈ মহিলাসকলে ঘৰত যিবোৰ সামগ্রী উৎপাদন কৰে সেইবোৰ আমি বিচাৰি কিনি আনো৷ সেইবোৰ গোটাই ৪–৫গৰাকী মহিলাই একেলগে গাড়ী ভাৰা কৰি ৭০–৮০ কিলোমিটাৰ বাট গাড়ীৰ পিছফালে থিয় হৈ গুচি আহো৷ আমাৰ এই ব্যৱসায়ৰ ফলত গাঁৱৰ আন মানুহেও উৎপাদিত ফচলৰ এখন বজাৰ ঘৰতে লাভ কৰিছে৷ বিশেষকৈ মহিলাসকল এইক্ষেত্রত এঢ়াপ আগবাঢ়িছে৷ আগতে সামগ্রী উৎপাদন কৰিলেও বজাৰ নাছিল৷ দাম কম আছিল৷ এতিয়া আমি ওলাহ অহাৰ পৰা আন এখন বজাৰ সৃষ্টি হৈছে৷ আনকি, ১০০ কিলোমিটাৰ দূৰৈৰ বজাৰলৈয়ো গৈ আমাৰ গাঁৱৰ মহিলাই এতিয়া সামগ্রী বিক্রী কৰে৷ কেৱল ঘৰৰ পুৰুষজনৰ ওপৰতে নির্ভৰ নকৰি আমি নিজৰ উপার্জনৰ পথ উলিয়াইছোঁ৷ আমাক একালত অভাৱে বৰ জুৰুলা কৰিছিল কিন্তু এইদৰে শ্রম কৰি বজাৰমুখী হোৱাৰ পিছত আমাৰ পৰিয়ালবোৰৰ আর্থিক উন্নতি হৈছে৷ আামি নিজেও খেতি কৰিছো আৰু আন খেতিয়ককো বজাৰ দিছো৷ গাঁৱৰ দৰিদ্র পৰিয়ালবোৰ এইদৰে উন্নতিৰ দিশত আগবাঢ়ি গৈছে৷ মোৰ দৰে কেইবাশ মহিলাই পৰিয়াল পৰিচালনা কৰি আছে এইদৰে৷’
তাৎপর্যপূর্ণ যে এইসকল মহিলাই অশেষ কষ্টৰে বিভিন্ন গ্রাম্যাঞ্চলৰ অর্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে৷ প্রতিগৰাকী মহিলাই আছিল একো একোটি অভাৱগ্রস্ত পৰিয়ালৰ সদস্য, দৰিদ্রতাই পিষ্ট কৰা গ্রামাঞ্চলীয় লোক৷ কিন্তু কঠোৰ শ্রমেৰে কৰা এই কামৰ বাবে তেওঁলোকৰ জীৱনধাৰা প্রগতিৰ দিশে আগুৱাহছে৷ তাৎপর্যপূর্ণ যে কেইবাবছৰ পূর্বলৈকে চৰম অভাৱ আৰু দৰিদ্রতাই কোঙা কৰা এহসকলৰ এতিয়া আর্থিক অৱস্থা যথেষ্ট উন্নত পর্যায়লৈ আহিছে এনেদৰে বজাৰ সংযোগীকৰণৰ জৰিয়তে৷ আনকি, এইসকল শ্রমজীৱী মহিলাৰ কঠোৰ আৰু বলিষ্ঠ পদক্ষেপৰ বাবে সেই অঞ্চলবোৰৰ বহু পৰিয়াল পৰোক্ষভাৱে আর্থিক স্বচ্ছলতাৰ ক্ষেত্রত আগবাঢ়িছে৷ সমান্তৰালকৈ কৃষিজ সামগ্রীক অধিক হাৰত বজাৰলৈ উলিয়াই অনাত সহায় কৰিছে৷
গ্রাম্য অর্থনীতিৰ ভেটি সবল কৰা এইসকল মহিলাই দেখুৱাইছে বজাৰ সংযোগীকৰণৰ অনন্য নিদর্শন৷ গ্রাম্যাঞ্চলীয় একোখন ঘৰত উৎপাদিত সামগ্রী প্রকৃত বজাৰৰ অভাৱত ঘৰতে নষ্ট হয় বা সামগ্রীৰ ডচিত মূল্য নাপায়৷ উৎপাদকৰ সৈতে যদি বজাৰৰ সংযোগ নাথাকে তেন্তে সামগ্রীৰ মূল্যও নাপায়৷ অর্থাৎ বজাৰ সংযোগীকৰণ নহ’লে গ্রাম্য অর্থনীতিৰ ভেটিও গঢ়ি নুঠে৷ ইয়াৰ বিপৰীতে গ্রামাঞ্চলৰ মহিলাই গাঁৱৰ সামগ্রী উৎপাদক কৃষকৰ পৰা সামগ্রী ক্রয় কৰি আনি বা নিজে উৎপাদন কৰা সামগ্রীৰ যি ধৰণে মহানগৰীৰ বজাৰৰ সৈতে সংযোগ ঘটাহছে তাৰ দ্বাৰা সেই অঞ্চলৰ অর্থনীতিৰ বিকাশ হৈছে৷ এহ কথা জানিব পৰা যায় বকো, ৰংজুলি, ধূপধৰা আদি অঞ্চলৰ গাঁওসমূহৰ পৰা গুৱাহাটীৰ বজাৰলৈ অহা মহিলাসকলৰ পৰা৷ এহ প্রতিবেদকৰ সৈতে হোৱা আলাপত প্রেমদা ৰাভা নামৰ মহিলাগৰাকীয়ে কয় – ‘আমি ঘৰৰ বাবে প্রয়োজনীয় ধন, সন্তানৰ পঢ়াৰ বাবে প্রয়োজনীয় ধন আদি উলিয়াইছোঁ৷ ঘৰৰ পুৰুষজনৰ মুখলৈ চাহ নাথাকি বা তেওঁৰ ওপৰত নির্ভৰ নকৰি আমি স্বাৱলম্বনৰ বাবে ওলাই আহিছো৷ এই কাম কৰা দুবছৰ হ’ল৷ দুবছৰ আগলৈকে মোৰ পৰিয়ালৰ উপার্জনকর্তা মানুহ আছিল এজন৷ বৰ অভাৱত দিন কটাইছিলোঁ৷ এজনে মজুৰি কৰা ধনেৰে পৰিয়াল পৰিচালনা কৰা সম্ভৱ নহয়৷ সেয়ে মই গাঁৱৰ পৰা সামগ্রী লৈ অহা কাম আৰম্ভ কৰিলোঁ৷ লগতে মোৰ ঘৰৰ উৎপাদিত সামগ্রীও লৈ আহো৷ এতিয়া মোৰ উপার্জন স্বামীতকৈয়ো বেছি৷ আগতকৈ ঘৰৰ অভাৱবোৰ কমিছে৷ মোৰ দৰে আমাৰ অঞ্চলৰ দুখীয়া পৰিয়ালৰ বহু মহিলাই এইদৰে কাম কৰি উপার্জনশীল হৈছে৷’
তাৎপর্যপূর্ণ যে এইসকল মহিলাই গাঁৱৰ অর্থনীতিৰ ভেটি টনকিয়াল কৰিছে আৰু নিজৰ অর্থনৈতিক উত্তৰণ সম্ভৱ কৰি তুলিছে৷ ফলত, পৰিয়ালবোৰৰ দৰিদ্রতাৰ পৰা উত্তৰণ ঘটিছে৷ সমান্তৰালকৈ গঢ়ি উঠিছে মহানগৰীৰ বজাৰৰ সৈতে গ্রাম্য এলেকাৰ উৎপাদকৰ সংযোগৰ নীৰৱ বিপ্লৱ৷ ৬০–৭০ৰ কিলোমিটাৰ দূৰৈৰ গাঁৱৰ পৰা একত্রিত হৈ আহি চহৰৰ মাজমজিয়াত স্বাধীনভাৱে যি ব্যৱসায় অব্যাহত ৰাখিছে, সেয়া নিঃসন্দেহেই আদৰণীয়৷ এইসকল মহিলাই অভাৱৰ তাড়নাৰ পৰা নিজকে মুক্ত কৰিছে, শক্তিশালী কৰিছে গ্রাম্য অর্থনীতিক, বজাৰ সংযোগীকৰণৰ দৰে কার্যৰে ৰাজ্যৰ আর্থ–সামাজিক ডত্তৰণত এনে গ্রামাঞ্চলীয় মহিলাৰ এই অগ্রগামী যাত্রাই আন প্রান্তৰ জনতাকো জাগ্রত কৰিব৷
ফোনঃ ৮৬৩৮৬–৯৮৪৫০