নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : নাৰীৰ সুৰক্ষা কৱচ

প্রশান্ত কোছ

ভাৰতীয় সভ্যতা–সংস্কৃতিত অতি প্রাচীনকালৰ পৰাই নাৰীয়ে সমাজত এক সুকীয়া আসন দখল কৰি সমাজ তথা দেশক সকলো দিশতে আগুৱাই যোৱাত প্রধান ভূমিকা পালন কৰি আহিছে৷ সনাতন ভাৰতীয় সমাজত নাৰীক দেৱীৰূপে পূজা কৰা হয়৷ ধন–সম্পদ, ঐশ্চর্য বিভূতিৰ গৰাকী হিচাপে লক্ষ্মীদেৱীক, জ্ঞান–বিদ্যাৰ অধিষ্ঠিত দেৱী হিচাপে সৰস্বতী দেৱীক আৰু সামাজত মহিষাসুৰৰ দৰে অসুৰৰ প্রাদুর্ভাব নিয়ন্ত্রণ কৰি, সমাজত মংগল তথা শান্তি স্থাপন কৰাৰ বাবে দেৱী দুর্গাক কল্পনা কৰি পূজা কৰা হয়৷ তদুপৰি প্রাচীন ভাৰতত আজিৰ পৰা হাজাৰ বছৰ আগতে গার্গী, মৈত্রী, মনু আদি নাৰীয়ে পুৰুষৰ সমানে শিক্ষা–দীক্ষা লাভ কৰি ঋষি–মুনিসকলৰ সৈতে বেদ–বেদান্ত চর্চা কৰি, বিভিন্ন গ্রন্থ আদি প্রণয়ন কৰি ভাৰতীয় সভ্যতা সংস্কৃতিক এক সুকীয়া মর্যাদা প্রদান কৰি গৈছে৷ সৌ–সিদিনা দুশবছৰীয়া ইংৰাজ শাসনৰ অন্ত পেলাবলৈ ভাৰতৰ স্বাধীনতা আন্দোলনত বহু ভাৰতীয় নাৰীয়ে প্রাণ আহুতি দিছিল৷ অসমৰো কনকলতা, ভোগেশ্বৰী ফুকননী আদিয়ে স্বাধীনতা আন্দোলনত ভাগ লৈ প্রাণ আহুতি দিছিল৷

এনেখন ভাৰতীয় সমাজত নাৰীৰ সুৰক্ষাৰ প্রয়োজননে? এই প্রশ্নৰ উত্তৰৰ বাবে অমি যদি প্রতিদিনৰ বাতৰি হেডলাইনবোৰ লক্ষ্য কৰোঁ তেন্তে দেখা পাম এইখন ভাৰতবর্ষত প্রতিদিনে একো একোটা নাৰীজনিত অপৰাধ সংঘটিত হৈছে৷ নাৰীক পূজা কৰা ভাৰতবর্ষত নাৰী সুৰক্ষাৰ অতি প্রয়োজন হৈ পৰিছে৷

সুৰক্ষা বাDefence বুলিলে আমি কি বুজেজা,The meaning of ‘Defence’ is that, Protection or registrance from any kind of ‘Atteck’ অর্থাৎ যিকোনো আক্রমণত নিজক, দেশক বা সমাজক বাধা দিয়া বা ৰক্ষা কৰাই হ’ল ‘সুৰক্ষা’৷ এই সুৰক্ষা আমাৰ নাৰী সমাজৰ বাবে সকলো ক্ষেত্রতে প্রয়োজন হৈ পৰিছে৷ যেনে শাৰীৰিক সুৰক্ষা, সামাজিক সুৰক্ষা, নিজৰ বিবাহিত জীৱনত সুৰক্ষা, অর্থনৈতিক সুৰক্ষা, ৰাজনৈতিক ক্ষেত্রত সুৰক্ষা, কর্মস্থানত সুৰক্ষা আদি কৰি সকলো দিশতে ভাৰতীয় নাৰীক সুৰক্ষাৰ প্রয়োজন হৈছে৷ তদুপৰি এইখন দেশত নাৰী বা কন্যা সন্তানক জন্মৰ আগৰ পৰাই সুৰক্ষাৰ প্রয়োজন, আমাৰ ভাৰতবর্ষত বহুতো অভিভাৱকৰ বাবে কন্যা সন্তান বোজা বুলি গণ্য কৰে, যাৰ বাবে গর্ভত যদি কন্যা ভ্রূণ স্থিতি লয়, তেন্তে তাক গর্ভতে হত্যা কৰি নিজৰ বোজা লাঘৱ কৰাৰ চেষ্টা কৰা হয়৷ অৱশ্যে চৰকাৰে এতিয়া ইয়াক আইন কৰি বন্ধ কৰিছে যদিও ইয়াক সম্পূর্ণৰূপে নির্মূল কৰিব পৰা নাই৷ কাৰণ মানুহৰ মানসিকতাত যেতিয়ালৈকে কন্যা আৰু পুত্র সমান বুলি ভাবিব নোৱাৰিব তেতিয়ালৈকে ই বিক্ষিপ্ত ৰূপত হ’লেও হৈয়ে থাকিব৷ গতিকে দেখা যায় নাৰী বা কন্যা সন্তান জন্মৰ আগৰ পৰাই নিৰাপত্তাহীনতাত ভোগে, যাক সুৰক্ষাৰ অতি প্রয়োজন৷ আমাৰ ভাৰতবর্ষৰ দৰে এখন বিশাল দেশত যিকোনো এটা স্থানত সংঘটিত নাৰীজনিত অপৰাধ নিয়ন্ত্রণ সকলো ক্ষেত্রত প্রশাসনৰ বাবে সম্ভৱ নহয়, উদাহৰণস্বৰূপে যদি অসমক লোৱা হয়, তেন্তে দেখা যায়, শেহতীয়া লোকপিয়লৰ তথ্যমতে অসমৰ মুঠ জনসংখ্যা ৩ কোটি ২৭ লাখ ৫৭ হাজাৰ ২৬২ জন৷ আৰু আমাৰ অসমত মুঠ সুৰক্ষা কর্মী, অর্থাৎ আৰক্ষী আছে ৭৫ হাজাৰ including conistble to DGP) গতিকে ইমান কমসংখ্যক সুৰক্ষা কর্মীৰ দ্বাৰা সকলো সময়ত সকলো মহিলাক সুৰক্ষা দিয়াটো সম্ভৱ নহয়৷ এনেক্ষেত্রত নাৰীসকলৰ বা সমাজৰ বা প্রশাসনৰ মোৰ বোধে বা মই অনুভৱ কৰো কিছু কৰণীয় আছে যাৰ দ্বাৰা সমাজত নাৰী সুৰক্ষিত হ’ব আৰু নাৰীজনিত অপৰাধ বহুলাংশে নিয়ন্ত্রণ হ’ব৷

নাৰী সুৰক্ষাৰ বাবে ল’বলগীয়া সাৱধানতা বা কৰিবলগীয়া (মোৰ ব্যক্তিগত চিন্তা বা মতামত)
১৷ বর্তমান সময়ত নাৰীক পুৰুষৰ সৈতে ভাৰতীয় সংবিধানে সম–ধিকাৰ প্রদান কৰা হৈছে৷ যদিও আজিও ভাৰতীয় পুৰুষ সমাজৰ পৰা নাৰীৰ প্রতি থকা শাসনকাৰী আৰু দমনকাৰী মনোবৃত্তি আঁতৰ হোৱা নাই৷ ইয়াক সমুলঞ্চে নিঃশেষ কৰি আমাৰ মনোবৃত্তি পৰিৱর্তন কৰিব লাগিব৷ যাৰ ফলত গার্হস্থ্য হিংসা বা ঘৰুৱা হিংসাৰ পৰা নাৰী বহুক্ষেত্রত সুৰক্ষিত হ’ব৷

২৷ নাৰীক উপভোগ্য আৰু পণ্য সামগ্রী বুলি গণ্য কৰা মানসিকতা দূৰ কৰিব লাগিব আৰু সমাজৰ এক অবিচ্ছেদ্য অংশ হিচাপে সকলোৱে সন্মান আৰু মর্যাদা প্রদান কৰা উচিত৷ তেতিয়া ধর্ষণজনিত অপৰাধ কিছু পৰিমাণে কমিব৷ ভাৰতবর্ষত বিবাহিত নাৰী আৰু পুৰুষৰ মাজত চলোৱা এটী সমীক্ষা মতে ৭০–৮০ শতাংশ বিবাহিত পুৰুষে নিজৰ পত্নীক প্রতিদিনেই ধর্ষণ কৰে৷ কাৰণ পুৰুষে শাৰীৰিক সম্পর্ক স্থাপনৰ সময়ত নাৰীগৰাকীৰ ইচ্ছা–নিচ্ছাৰ ওপৰত একেবাৰেই গুৰুত্ব নিদিয়ে৷[Section 63 BNS d [i] [ii] Define Rape [i] against her will [ii] without her consent.] নাৰীৰ ইচ্ছা অনিচ্ছাক সন্মান জনাবলৈ শিকিব লাগিব৷

৩৷ আমাৰ ঘৰবোৰত বা সমাজত ল’ৰা সন্তানক বা পুৰুষসকলক সৰুৰে পৰা নাৰীক সন্মান আৰু মর্যাদা প্রদান কৰিবলৈ শিকাব লাগে৷ সকলো নাৰীকে নিজৰ মাতৃ, পত্নী বা ভগ্ণী হিচাপে গণ্য কৰিবলৈ শিক্ষা দিয়া উচিত৷

৪) নাৰীজনিত অপৰাধ নিয়ন্ত্রণৰ বাবে চৰকাৰ বা প্রশাসনে এটাHelpline নম্বৰ মুকলি কৰা উচিত৷ আৰু ইয়াৰ সৈতে ২৪ ঘণ্টাই সক্রিয় আৰু সুদক্ষ আৰক্ষী বাহিনী সংযুক্ত কৰি মজুত ৰাখিব লাগে৷ যাতে যিকোনো ধৰণৰ অপৰাধৰ সম্ভাৱনা দেখিলে বা হ’লে ভুক্তভোগীক নিজে বা অন্য কোনোবাই Call কৰিলে লগে লগে উপস্থিত হৈ সহায় কৰিব পাৰে, অপৰাধীক আটক কৰিব পাৰে বা ভুক্তভোগীক উদ্ধাৰ কৰিব পাৰে৷

৫৷ নাৰী বা মহিলাসকলেও পুৰুষক প্রৰোচিত কৰা বক্তব্য, সাজপাৰ পৰিধান, চলন ফুৰণ আদিৰ ক্ষেত্রত নিজক নিয়ন্ত্রণ কৰা উচিত৷ আৰু অভিভাৱকসকলেও এইক্ষেত্রত কঠাৰভাৱে চকু দিয়া উচিত৷

৬৷ বর্তমান সময়ত ম’বাইল মানৱ সভ্যতাৰ এক অতি প্রয়োজনীয় আহিলা হৈ পৰিছে৷ ইয়াৰ ব্যৱহাৰে সমগ্র পৃথিৱীকে এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে৷ কিন্তু ম’বাইলৰ অপব্যৱহাৰে নাৰীজনিত অপৰাধ সংঘটিত কৰাত অৰিহণা যোগায়৷ যোৱা ৯ আগষ্ট, ২০২৪ত কলকাতাৰR. G. Kar Medical Collegeত হোৱা ধর্ষণ আৰু হত্যাৰ কাণ্ড ইয়াৰ উল্লেখযোগ্য উদাহৰণ৷ গতিকে ম’বাইলৰ অপব্যৱহাৰ ৰোধ কৰিবৰ বাবে সকলোৱে পদক্ষেপ গ্রহণ কৰা উচিত৷

৭৷ আমাৰ নাৰী সমাজে বা মহিলাসকলে যিমান পাৰে নাৰীজনিত অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা থকা ঠাই, পৰিৱেশ, পথ, আৱাস আদিৰ পৰা আঁতৰি থকা উচিত বা আঁতৰি থাকিবলৈ চেষ্টা কৰা ভাল৷

৮৷ বাছ– ট্ৰেইন, টেক্সি আদিত ভ্রমণ কৰোঁতে নিজৰ ঘৰত বা আপোনজনক (মাক–দেউতাক, স্বামী, দাদা–ভাইটি, বাই–ভনী, লগৰ বন্ধু–বান্ধৱীৰ আৰম্ভণী স্থান, গন্তব্য স্থান, কিমান সময়ত পাবগৈ, সম্ভাব্য সময়ৰ, কেতিয়া যাত্রা আৰম্ভ কৰিছে, পৰিৱেশ–পৰিস্থিতি পাৰিলে বাছ বা টেক্সি নম্বৰ আদি জনাই ফোন বাSMS কৰি দিয়া উচিত৷ ২০১২ চনত ‘নির্ভয়া গেং ৰেপ’ কাণ্ড এখন চলন্ত বাছত সংঘটিত হৈছিল৷ কিছুক্ষেত্রত এইধৰণৰ সজাগতাই অপৰাধীক কৰায়ত্ত কৰা বা অপৰাধ নিয়ন্ত্রণত সফলতা লাভ কৰিব পাৰি৷

৯৷ এগৰাকী নাৰীয়ে যদি অনুভৱ কৰে বা অনুমান কৰে, তেওঁৰ কিবা বিপদ হ’বলৈ গৈ আছে, তেন্তে তৎকালে কোনো কফি শ্বপ, ৰেষুটৰেণ্ট, বজাৰ বা মানুহৰ সমাগম হোৱা ঠাইলৈ গুচি যোৱা উচিত বা ওচৰৰ পুলিচ থানাত সহায় বিচৰা উচিত৷

১০৷ নাৰীজনিত অপৰাধত জডিত ব্যক্তিক তৎকালে গ্রেপ্তাৰ কৰি বা চিনাক্ত কৰি দ্রুত বিচাৰৰ দ্বাৰা[Fast track court] বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, যাক দেখি বা শুনি ভৱিষ্যতে কোনেও এনে অপৰাধ সংঘটিত কৰিবলৈ সাহস নকৰে৷

১১৷ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত ছাত্রীসকলক শাৰীৰিক শিক্ষা বাধ্যতামূলক কৰিব লাগে৷ বিশেষকৈ সমৰকলা, যেনে– কাৰাটে, কংফু, টাইকোৱানডো আদিত৷ কাৰণ এনেকুৱা শিক্ষাই এগৰাকী ছাত্রীক আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তুলিব৷ শক্তিশালী নাৰীয়ে নিজৰ লগতে সমাজকো ৰক্ষা কৰিব পাৰিব৷

এগৰাকী সাধাৰণ নাৰীয়ে যদি কেতিয়াবা আক্রান্ত হয় বা কোনো অপৰাধী বা ব্যক্তিয়ে আক্রমণ কৰিবলৈ চেষ্টা কৰে তেওঁ নিজকে ৰক্ষা কৰিবলৈ বিশিষ্ট সমৰকলাবিদসকলে কেইটামান টিপছ আগবঢ়াইছে৷ এইসমূহ হৈছে–

1. self. Hammer Strike. Using your car keys is one of the easiest way’s to defend or protect your self.

2. Groin Kick. If some one is comming at you from the front, a groin kick may deliver force to paraliyze your attacker, making your escape posible. enough

3. Elbow Strikes If your attacker is in close range and you are unable to set enough momentum to throw a strong punch or kicks use your elbow.

4. front Heel Palm Stricks. This move cancause damage to the nose or throat to execute get in of your attacker as much as in posible.

এনেধৰণৰ বহুতো শাৰীৰিক কৌশল আছে যিবোৰ চর্চা আৰু অনুশীলন কৰিলে নিজে নিজে জানিব পৰা যায়৷

এইবোৰৰ উপৰি ভাৰতবর্ষত নাৰী সুৰক্ষাৰ বাবে বহুতো আইন প্রণয়ন কৰা হৈছে, যিবোৰ আইনৰ দ্বাৰা নাৰীক সুৰক্ষা আৰু নিৰাপত্তা প্রদান কৰাত কিছু ক্ষেত্র সক্ষম হৈছে৷ ভাৰতবর্ষত বর্তমান প্রচলন হৈ থকা বা কার্যকৰী হৈ থকা কেইখনমান বিশেষ আইনৰ বিষয়ে উল্লেখ কৰা হল৷

i) Sexual harassament at work place [Preventive Prohibition ad redressal] Act 2013.

This act aims to prevent sexual harrassment in the work place and provides compensative and relief to victim.

ii) The Prohibition of Child marriage act 2006 :

This act aim to prevent child marriage and protect victim. It also protects both boy’s and girls’ from forced marriage.

iii) Domestic Violance act 2005 : This act is aimed at providing protection to wife or female live in partner from violance at the hands of the husband or male live-in-partner or his relatives. It as protect other forms of violance such as emotional, verbal, sexual and psychological abuse.

iv) Dowary prohibition Act 1961 :

The dowry prohibition acy 1961 is a social legislation in India, that aims to prevent the giving or reciving of dowary and to protect women from cruelty and violance in their marriage.

v) Prevention of immoral traffic act 1956 :

vi) Representation of Women [Prohibition] Act 1986.

The immoral traffic [Prevention] Act 1956 is a law in India that aims to prevent the commercialization of sex work and the trafficking of women and girls.

vii) Maternity Benifit Act [Amendment] 2017.

viii) National Commission for Women Act.

ix) Equal Remuneration Act 1976.

x) Medical Termination of Pregnancy Act 1971.

xi) Special Marriage Act 1954.

তদু পৰি নাৰীজনিত অপৰাধৰ বিচাৰ কৰি শাস্তি বিহিবলৈBharatya Nyaya Sanhita ২০২৩ত বহুতো ধাৰা সংযোজন কৰা হৈছে৷ যেনে–

i) 64 BNS – Punishment for Rape.

ii) 69 BNS-

iii) 70 BNS-

iv) 85 BNS –

v) 87 BNS-

Punishment for Sexual intercourse by employing decitful mean’s etc.

Punishment for Gang Rape.

Punishment for cruelty of her husband or relatives.

Punishment for kidnapping woman compel her marriage.

ইমানবোৰ আইন প্রণয়ন কৰাৰ লগতে ভাৰতবর্ষৰ সংবিধানতো নাৰীক সম–মর্যাদা সম–ধিকাৰ প্রদান কৰা হৈছে, যদিও আমাৰ ৰাজ্যখনকে ধৰি দেশৰ বিভিন্ন প্রান্তত সংঘটিত হোৱা ক্রমবর্ধমান নাৰী নির্যাতনৰ ভয়াৱহ ছবিয়ে নাৰীৰ জীৱন পদে পদে শংকাময় কৰিছে, লগতে দেশৰ কোনো প্রান্ততে নাৰী নিৰাপত্তা নোহোৱা হৈছে৷ আমাৰ দেশত নাৰীয়ে ধর্ষণ, নির্যাতন, লাঞ্ছনা আদিৰ পৰা মুক্তি লভি স্বাধীন সুৰক্ষিত জীৱন যাপন এক স্বপ্ণ হৈ পৰিছে৷ ই আমাৰ বাবে বা ভৱিষ্যৎ প্রজন্মৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত প্রদান কৰিছে৷ গতিকে নাৰী তথা আমাৰ মাতৃ সমাজ সুৰক্ষিত কৰিবৰ বাবে আমি সকলোৱে আমাৰ ঘৰবোৰ সংস্কাৰী কৰিব লাগিব৷ সনাতন ভাৰতীয় সমাজত নাৰীক পূজা কৰা পৰম্পৰা পুনৰ প্রতিষ্ঠা কৰিব লাগিব৷ তেহে আমাৰ নাৰীসকল বা মাতৃসকল সুৰক্ষিত হ’ব৷ নাৰীক নির্যাতন কৰা, ধর্ষণ কৰা কোনো দেশ, জাতি, ঘৰ, ৰজা–মহাৰজা কেতিয়াও শান্তিপূর্ণ আৰু সুখেৰে দিন পাৰ কৰিব নোৱাৰে৷এইবোৰ মানুহ কৌৰৱ কুলৰ দৰে ধ্বংস হ’ব৷ আৰু ইয়াৰ উদাহৰণ ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে৷ গতিকে আমি সকলোৱে নিজৰ ঘৰখন, দেশখন, সমাজখন সুৰক্ষিত ৰাখিবৰ বাবে নাৰী সমাজক সন্মান আৰু মর্যাদা পদান কৰিবলৈ শিকিব লাগে৷

লেখক ধেমাজিৰ অতিৰিক্ত লোক অধিবক্তা

You might also like