ধলপুৰত দুই হেৰ’ইন সৰবৰাহকাৰী আটক
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষীয়ে কালি সন্ধিয়া দুই ড্ৰাগছ সৰবৰাহকাৰীক আতক কৰিবলৈ সক্ষম হয়। সৰবৰাহ কৰি দুটা বিশ্বনাথ জিলাৰ গহপুৰৰ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি গহপুৰ থানাৰ অন্তৰ্গত গুৰুৱস্তি গাৱঁৰ চাৰেজামাল বেপাৰীৰ পুত্ৰ চাদ্দাম হুচেইন (২৮) আৰু গহপুৰ বৰঘূলিৰ প্ৰয়াত দেৱ বৰাৰ পুত্ৰ প্ৰাঞ্জল বৰা (২৫)ই এখন যাত্ৰীবাহী বাছত গহপুৰৰ পৰা লখিমপুৰ অভিমুখে গৈ থকা অৱস্থাত ধলপুৰ আৰক্ষীয়ে হেৰইনসহ দুই সৰবৰাহকাৰিক আটক কৰে। ধলপুৰ আৰক্ষী চকী সন্মুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা নিয়মীয়া তালাচীত ৫টা চাবোনৰ বাকছত ৫৯ গ্ৰাম হেৰইনসহ দুই সৰবৰাহকাৰীক সন্ধিয়া ৫:৩০ মান বজাত আটক কৰে। তালাচীৰ সময়ত ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত কোঁৱৰ, কনিষ্টবল ক্ৰমে মানসপ্ৰতিম চেকনিধৰা, অজয় দেউৰী,যাদৱ কুটুমকে আদিকৰি ধলপুৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত আছিল। দুই ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে বিহপুৰীয়াৰ থানালৈ প্ৰেৰণ কৰি সোধাপোছা অব্যাহত ৰাখিছে৷
প্ৰেৰক মাধুৰ্য দাস