অচিনাক্ত মৃতদেহ সৎকাৰেৰে বিশ্বৰ প্রভাৱশালী মহিলা ভাৰতৰ পূজা
🔹 বিবিচিৰ ১০০গৰাকীৰ তালিকাত তিনি ভাৰতীয়
নিউজ ডেস্ক, ৫ ডিচেম্বৰ : বিশ্বৰ ১০০গৰাকী প্রভাৱশালী মহিলাৰ তালিকা প্রকাশ কৰিছে বিবিচিয়ে৷ এই তালিকাত স্থান লাভ কৰিছে ভাৰতৰ তিনিগৰাকী মহিলাই৷ ইয়াৰ ভিতৰত আছে মহিলা মল্লযুঁজাৰু ভিনেশ ফোগাটো৷ অন্য দুগৰাকী মহিলা হৈছে পূজা শর্মা আৰু অৰুণা ৰায়৷ পূজা শর্মা অন্য এক কাৰণত বিখ্যাত৷ দুবছৰ পূর্বে দিল্লীৰ পথত পূজাৰ ভাতৃক নৃশংসভাৱে হত্যা কৰিছিল দুর্বৃত্তই৷ স্নেহৰ ভাতৃৰ দেহ সৎকাৰ কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল৷ পূজাই নিজেই ভাতৃৰ দেহ সৎকাৰ কৰিছিল৷ ইয়াৰ পিছৰে পৰা দুবছৰৰ ভিতৰত সহস্রাধিক অজ্ঞাত পৰিচয়ৰ মৃতদেহৰ স-সন্মানেৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিছে পূজা শর্মাই৷ এনে অসাধাৰণ কামৰ বাবে পূজা শর্মাক ১০০গৰাকী প্রভাৱশালী মহিলাৰ তালিকাত স্থান দিছে বিবিচিয়ে৷ ১৯৯৬ চনত দিল্লীত জন্মগ্রহণ কৰা পূজা শর্মাই ২৮ বছৰ বয়সতে দেশৰ সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিবলৈ সক্ষম হৈছে৷