নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল–ৰেষ্টুৰেণ্ট–ৰাজহুৱা স্থানত নিষিদ্ধ গো–মাংস

🔹 গো–মাংস ভক্ষণ বিতর্কৰ মাজতে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

বিশেষ বার্তা, ৫ ডিচেম্বৰ : অসমত ৰাজহুৱা স্থান, হোটেল–ৰেষ্টুৰেণ্টত সম্পূর্ণৰূপে নিষিদ্ধ হ’ল গো–মাংস৷ কালি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে এই গুৰুত্বপূর্ণ সিদ্ধান্তটো গ্রহণ কৰে৷ উল্লেখ্য যে বিভিন্ন চৰকাৰী কার্যসূচী লৈ সম্প্রতি নতুন দিল্লীত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৰ পৰাই ভার্চুৱেলী কেবিনেট বৈঠকখনত অধ্যক্ষতা কৰে৷ কেবিনেটৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে যোৱা কিছুদিনৰ পৰা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্রেছ নেতা ৰকিবুল হুছেইনে গো–মাংসৰ প্রচলন সন্দর্ভত বিভিন্ন স্থানত অস্বস্তি প্রকাশ কৰিছে৷ এনে ধাৰণাই তেওঁলোকে ৰাইজৰ সন্মুখত দিছে৷ কেবিনেটত ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ এই সম্পর্কীয় মন্তব্যসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হয়৷ অসমত গো–মাংস নিবাৰণী আইন এখন আছে৷ আইনখন যথেষ্ট শক্তিশালী যদিও ৰাজহুৱা অনুষ্ঠান, হোটেল–ৰেষ্টুৰেণ্টত গো–মাংস খাব পাৰে নে নাই, আইনখনত সেই সম্পর্কীয় কোনো স্পষ্ট উল্লেখ নাছিল৷ কেবিনেটে সমগ্র বিষয়টো বিশ্লেষণ কৰি এতিয়াৰে পৰা কোনো সামাজিক অনুষ্ঠান, ধর্মীয় সভা, ৰাজহুৱা সভা, হোটেল–ৰেষ্টুৰেণ্টত গো–মাংস পৰিৱেশন নিষিদ্ধ কৰে৷ ৰাজহুৱা স্থান, হোটেল–ৰেষ্টুৰেণ্টত গো–মাংস পৰিৱেশন নিষিদ্ধ কৰা হৈছে৷ পূর্বতে মন্দিৰ আদিৰ ৫ কিলোমিটাৰ ব্যাসার্ধত গো–মাংসৰ প্রচলন নিষিদ্ধ আছিল যদিও এতিয়া সমগ্র ৰাজ্যতে সম্পূর্ণৰূপে গো–মাংসৰ প্রচলন নিষিদ্ধ কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গো–মাংস নিবাৰণী আইনখনত এই বিষয়টো সন্নিৱিষ্ট হ’ব৷ ইয়াৰ লগে লগে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, কংগ্রেছ নেতা ৰকিবুল হুছেইনে প্রত্যক্ষ বা পৰোক্ষভাৱে বিচৰা বিষয়টোও আগবাঢ়ি যাব৷ এইক্ষেত্রত কংগ্রেছ দলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছে সহযোগিতা আগবঢ়োৱা–নবঢ়োৱাটো তেওঁলোকৰ ৰাজনৈতিক বিষয়৷ কিন্তু চৰকাৰে এতিয়াৰে পৰা ৰাজহুৱা স্থান, হোটেল–ৰেষ্টুৰেণ্ট আদিত গো–মাংস নিষিদ্ধ কৰিলে৷ উল্লেখ্য যে সদ্যসমাপ্ত ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচন বিশেষকৈ চামগুৰি বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ সময়ৰে পৰাই গো–মাংসৰ বিষয়টোৱে বিশেষ ৰাজনৈতিক চর্চা লাভ কৰিবলৈ আৰম্ভ কৰে৷ গো–মাংসক কেন্দ্র কৰি উপ–নির্বাচনৰ ৰাজনৈতিক পৰিৱেশপর্যন্ত উত্তাল হৈ পৰে৷ আনকি ইয়াকে কেন্দ্র কৰি কংগ্রেছ–বিজেপিকে ধৰি বিভিন্ন শিবিৰৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতিও আৰম্ভ হয়৷ এনে পৰিস্থিতিৰ মাজতে কালি অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যখনত সম্পূর্ণৰূপে গো–মাংস নিষিদ্ধৰ সিদ্ধান্ত গ্রহণ কৰে৷ মন কৰিবলগীয়া যে তিনি বছৰ পূর্বে ৰাজ্য চৰকাৰে গো–সৰবৰাহ আৰু গো–মাংসৰ প্রচলন ৰোধৰ বাবে এখন আইন প্রণয়ন কৰিছিল৷ কিন্তু ৰাজহুৱা স্থান, হোটেল–ৰেষ্টুৰেণ্ট আদিত গো–মাংস পৰিৱেশন বন্ধৰ ক্ষেত্রত আইনখনত বিশেষ ব্যৱস্থা নাছিল৷ কালিৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্তৰ ফলত ৰাজ্যখনত সম্পূর্ণৰূপে গো–মাংসৰ প্রচলন বন্ধ হৈ পৰে৷

You might also like