এপিএছচিত ১১সংখ্যক ৰেংকেৰে উজলিল দুলীয়াজানৰ টাঞ্জিমা আৰফট
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১১ নম্বৰ ৰেংক লাভ কৰি দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনিছে তীক্ষ্ণধী টাঞ্জিমা আৰফট্ হুছেইনে। দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পিতৃ মনোৱাৰ হুছেইন আৰু মাতৃ মফিদা হুছেইনৰ কন্যা আৰু শিৱসাগৰৰ কুকুৰা পহীয়াৰ বোৱাৰী তথা অসম শক্তি বিতৰণ বিভাগৰ উপ সংমণ্ডল বিষয়া ছিব্বিৰ আহমেদৰ সহধৰ্মিণী টাঞ্জিমাৰ এই সাফল্যত দুলীয়াজানৰ লগতে শিৱসাগৰতো আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। টাঞ্জিমাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ সহকাৰী গাণনিক বিষয়া ৰূপে সেৱা আগবঢ়াব। তীক্ষ্ণধী টাঞ্জিমা ২০১২ চনত দুলীয়াজান ছেন্ট জেৰ্ভিয়াছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৭২.১৬ শতাংশৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড়স্হিত জ্ঞান বিজ্ঞান একাডেমীৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষাতো টাঞ্জিমাই সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বিত স্নাতক ডিগ্ৰী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এল.এল.এমত গল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয়। আনুষ্ঠানিক শিক্ষা সাং কৰিয়েই ২০২২ চনৰ পৰা দুবছৰীয়া কষ্টোসাধ্যৰ ফল হিচাপে টাঞ্জিমাই দ্বিতীয়বাৰলৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱত্তীৰ্ণ হৈ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ধৈৰ্য, অধ্যৱসায় আৰু কঠোৰ শ্ৰমৰ ফলেই এই সফলতাৰ মূলমন্ত্ৰ বুলি গাণনিক বিষয়া ৰূপে উজ্বলি উঠা টাঞ্জিমাই উল্লেখ কৰে।
প্ৰেৰক কৃষ্ণা কাংকান