নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ডিচেম্বৰঃ অনুসূচিত জনজাতিৰ সুকীয়া মর্যাদা লাভ কৰাটো এতিয়া নিশ্চিত হৈ পৰিছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ৷ নেচনেল কমিছন ফৰ চিডিউলড ট্ৰাইবছে এইক্ষেত্রত আনুষ্ঠানিকভাৱে মান্যতা প্রদান কৰে৷ আয়োগৰ অধ্যক্ষ অন্তৰ সিং আৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত শৰণীয়া কছাৰীক অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ বাবে সেউজ সংকেত প্রদান কৰা হয়৷ আয়োগৰ এক সূত্রৰ পৰা জানিব পৰা মতে, ভাৰতৰ মহাপঞ্জীয়কে শৰণীয়া কছাৰীৰ জনজাতিৰ মর্যাদাক ইতিমধ্যে ন্যায্যতা প্রদান কৰিছে৷ ইয়াৰ পিছত আয়োগৰ অন্যতম সদস্য নিৰূপম চাকমাৰ নেতৃত্বত এটা দল যোৱা ২২ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈকে অসম ভ্রমণ কৰি শৰণীয়া জনগোষ্ঠীৰ চাৰিত্রিক বৈশিষ্ট্যৰ বুজ লয়৷ অৱশেষত আয়োগে জনগোষ্ঠীটোক জনজাতিৰ মর্যাদা প্রদানত সন্মতি প্রদান কৰি কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রালয়লৈ এখন প্রতিবেদন প্রেৰণ কৰে৷ সূত্রটোৱে প্রকাশ কৰা মতে, অনাগত দিনত জনজাতি পৰিক্রমা মন্ত্রালয়ৰ পৰা বিষয়টোক লৈ এটা কেবিনেট টোকা প্রস্তুত কৰা হ’ব তথা কেন্দ্রীয় কেবিনেটত উত্থাপন কৰা হ’ব৷ কেবিনেটত মঞ্জুৰি লাভ কৰা মাত্রই শৰণীয়া কছাৰীৰ সুকীয়া জনজাতিৰ মর্যাদা সংক্রান্তত এখন বিধেয়ক সংসদত উত্থাপন কৰা হ’ব৷ সংসদৰ মঞ্জুৰি লাভ কৰাৰ পাছতে জনগোষ্ঠীটো আনুষ্ঠানিকভাৱে অনুসূচিত জনজাতিৰ মর্যাদা লাভ কৰিব পাৰিব৷ উল্লেখ্য যে ইমানদিনে বডো জনগোষ্ঠীৰ পৰিপূৰক হিচাপে শৰণীয়া কছাৰীসকলে জনজাতিৰ মর্যাদা লাভ কৰি আছিল৷ পিছে দীর্ঘদীন ধৰি শৰণীয়া কছাৰী জনগোষ্ঠীটোৱে সুকীয়া জনজাতিৰ মর্যাদাৰ দাবী জনাই আহিছিল৷ অৱশেষত জনগোষ্ঠীটোৰ সেই দাবী আজি বাস্তৱত ৰূপায়ণ হোৱাৰ দিশে আগবাঢ়িছে৷