নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গো-মাংস বন্ধ : চামগুৰিত ৰকিবুল হুছেইনৰ প্ৰতিকৃতি দাহ সংখ্যালঘু লোকৰ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ : গো-মাংসক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ লগতে ৰাজ্যিক কেবিনেটে অসমৰ হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাৰ পাছতেই নগাঁও জিলাৰ চামগুৰিত সংখ্যালঘু লোকসকলে চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক দোষাৰোপ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ পিছত প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে গো-মাংসক কেন্দ্ৰ কৰি বিতৰ্ক কৰাৰ বাবেই ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত গ্ৰহন কৰিলে বুলি চামগুৰি সমষ্টিৰ একাংশ সংখ্যালঘু ৰাইজে মন্তব্য কৰাৰ লগতে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ চামগুৰি সমষ্টিৰ অন্তৰ্গত গেৰুৱা তিনিআলি তথা সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত আজি চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে ৰকিবুল হুছেইন গ’বেক ৰকিবুল হুছেইন হুচৰি আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে৷ চামগুৰিৰ উপ নিৰ্বাচনত বিজেপি দলে গো-মাংসৰ ভোজ ভাত খুৱাই নিৰ্বাচনত জয়ী হোৱা বুলি ৰকিবুল হুছেইনে অভিযোগ কৰি অহাৰ কাৰণেই ৰাজ্য চৰকাৰৰ কেবিনেটে ৰাজহুৱা স্থানত হোটেল আৰু ৰেষ্টুৰেণ্ট আদিত গো-মাংস নিষিদ্ধ কৰিলে বুলি প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে ৷ যাৰ বাবে বৰ্তমান ৰকিবুল হুছেইনৰ বিৰুদ্ধে চামগুৰি সমষ্টিৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চল তথা সংখ্যালযু ৰাইজে ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে বুলি প্ৰতিবাদকাৰী সকলে মত প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক সংখ্যালযু ৰাইজক কেন্দ্ৰ কৰি ৰাজনীতি অথবা বিৰ্তকিত মন্তব্য নকৰিবলৈ প্ৰতিবাদকাৰী সংখ্যালযু ৰাইজে সকিয়াই দিয়ে ৷ অন্যথা আগন্তুক দিনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে৷ আনহাতে চামগুৰি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মা আজি চামগুৰিত উপস্থিত হোৱাৰ সময়ত সাংবাদিকে গো-মাংসৰ বিৰ্তকৰ সন্দৰ্ভত সুধা প্ৰশ্নৰ সন্দৰ্ভত কয় যে এইটো আৰু বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বিষয় নহয়৷ এই গোটেই বিষয়টো কংগ্ৰেছে বেলেগ ধৰনৰ ৰাজনীতি কৰিবলৈ চাই আছে৷ ৰকিবুল হুছেইনে নিৰ্বাচনত পুত্ৰ পৰাজয় হোৱাৰ পিছত কংগ্ৰেছ দলে গোটেই বিষয়টো বেলেগ দিশত গতি কৰাব চাইছে ৷ অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম কেবিনেটে যি সিদ্ধান্ত গ্ৰহন কৰিছে সেইয়া অসমৰ সমুহ সচেতন ৰাইজ তথা হিন্দু বা মুছলমানেই হওক সকলোৱে সমৰ্থন জনাইছে ৷ এইটো এটা পাৰস্পৰিক সম্পৰ্ক৷ কংগ্ৰেছকে ধৰি যি সকলে এই বিষটো বেলেগ দিশলৈ গতি কৰাব বিছাৰিছে মই তেওঁলোক অনুৰোধ জনাম আমাৰ যি সম্প্ৰতি আছে সকলোৱে যাতে সমৰ্থন জনাই বুলি উল্লেখ কৰে চামগুৰি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কজনে৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like