জনিয়াত ভিডিপি-ৰাইজে বন্ধ কৰিলে জুৱা খেল
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বৰপেটা সদৰ থানাৰ অন্তৰ্গত জনীয়াত অনুষ্ঠিত হৈছে বানিজ্য মেলা। বাণিজ্য মেলা চলি থকাৰ সুযোগতে কোনোবাই জুৱা চলাই থকা অৱস্থাত জুৱা খেল বন্ধ কৰে স্থানীয় লোক আৰু ভিডিপিয়ে। জনীয়া হাইস্কুল খেল পথাৰৰ কাষত জুৱা খেল চলি থকাৰ খবৰ পাই সালেকুৰা-ৰুপাকুছি ভিডিপি আৰু কিছু সচেতন লোকে জুৱা খেল বন্ধ কৰি দিবলৈ সক্ষম হয়। ভিডিপি আৰু স্থানীয়লোক আগবাঢ়ি যোৱা দেখি জুৱাৰী সকল পলাই সাৰে যদিও জুৱা খেলৰ সামগ্ৰী সমূহ ৰাইজে জব্দ কৰিবলৈ সক্ষম হয়। কাৰ আশীৰ্বাদত চলে এনে অবৈধ সমাজ বিৰোধী কাৰ্যকলাপ। জনীয়া অঞ্চলত দিনে-নিশাই চলিছে ড্ৰাগছ, জুৱা, নাৰীদেহ ব্যৱহায়ৰ দৰে অবৈধ আৰু অনৈতিক কাম। শীঘ্ৰেই জনীয়া অঞ্চলত চলি থকা অসামাজিক কাম বন্ধ কৰাৰ লগতে এনে অবৈধ কামৰ লগত জড়িত সকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে জনীয়া অঞ্চলৰ ৰাইজে ৰাইজে। এতিয়া বৰপেটা আৰক্ষী প্ৰশাসনে কি ভুমিকা লয় সেইয়া হব লক্ষনীয়।
প্ৰেৰক আফতাব হুছেইন