এডিলেইডত পিংক বল টেষ্টত প্ৰথম দিনা কেংগাৰুৰ দপদপনি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ডিচেম্বৰঃ বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত প্ৰথম দিনাই দেখা গ’ল অষ্ট্ৰেলিয়াৰ আধিপত্য। প্ৰথম দিনৰ খেলৰ শেষলৈকে আয়োজক অষ্ট্ৰেলিয়াই এটা উইকেট হেৰুৱাই ৮৬ ৰান সংগ্ৰহ কৰিছিল। এই পিংক বল টেষ্ট মেচখনত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল যদিও টীম ইণ্ডিয়াই মাত্ৰ ১৮০ ৰানতে অল আউট হৈছিল। প্ৰথম দিনাৰ খেলৰ শেষলৈকে ৩৩ অভাৰৰ খেলৰ অন্তত কেংগাৰু দলটো এতিয়াও ৯৪ ৰান পিছপৰি আছে। ২০ ৰান সংগ্ৰহ কৰি মাৰ্নাছ লাবুশ্বানে এতিয়াও ক্ৰীজত আছে আৰু নাথান মেকছুইনীয়ে ৩৮ ৰানত নটআউট আছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-০ত আগবাঢ়ি থকা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। পাৰ্থ টেষ্টৰ শতক বিজয়ী যশস্বী জয়ছোৱাল এইবাৰ গল্ডেন ডাকৰৰ বলি হয়, যাক মিচেল ষ্টাৰ্কে আউট কৰে। কে এল ৰাহুল আৰু শুভমন গিলৰ মাজত ৬৯ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। ৰাহুল আৰু গিলে ক্ৰমে ৩৭ আৰু ৩১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ দুয়োজন জ্যেষ্ঠ বেটছমেন অৰ্থাৎ ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ব্যৰ্থ হয়। ঋষভ পণ্টে ২১ ৰানৰ বৰঙণি আগবঢ়াইছিল যদিও আটাইতকৈ আকৰ্ষণীয় আছিল নীতিশ ৰেড্ডী, যিয়ে কঠিন পৰিস্থিতিত ৪২ ৰানৰ ইনিংছ খেলিছিল। যেতিয়া অষ্ট্ৰেলিয়াৰ দলটোৱে বেটিং কৰিবলৈ আহিছিল, তেতিয়া দলটোৱে উছমান খাৱাজাৰ ৰূপত প্ৰাৰম্ভিক আঘাত পাইছিল। ১৩ ৰান সংগ্ৰহ কৰি ৰোহিত শৰ্মাৰ হাতত যশপ্ৰীত বুমৰাহৰ হাতত ধৰা পৰে। ইয়াৰ পিছত মাৰ্নাছ লাবুশ্বেন আৰু নাথান মেকছুইনীয়ে ৭০ ৰানৰ অংশীদাৰিত্ব কৰে। প্ৰথম ইনিংছত এতিয়াও ৯৪ ৰানত পিছপৰি আছে কেংগাৰু দল। প্ৰথম দিনাই ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বেছিভাগ বেগী বলাৰ ব্যৱহাৰ কৰে। ৰবিচন্দ্ৰন অশ্বিনে মাত্ৰ এটা অভাৰহে বল কৰাৰ সুযোগ লাভ কৰে। প্ৰথম দিনটোৰ সাৰাংশ চালে অষ্ট্ৰেলিয়াৰ বলাৰসকলে ভাৰততকৈ অধিক মাৰাত্মক বুলি প্ৰমাণিত হ’ল।