নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০,০০০ টকাৰ বিনিময়ত মেডিকেল ডিগ্রী অষ্টম শ্রেণী উত্তীর্ণক

🔹 গুজৰাটত ১৪ ভুৱা চিকিৎসকক গ্রেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : বৃহৎ অংকৰ ধনৰ বিনিময়ত বিক্রী কৰা হৈছিল নকল মেডিকেল ডিগ্রী৷ ঘটনাৰ তদন্তত নামি চৈধ্যজন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে৷ অভিযুক্তসকলৰ পৰা কমপক্ষেও ১,২০০ ভুৱা প্রমাণ–পত্র উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ প্রাথমিক তদন্তৰ সময়তে চকু কপালত উঠিছে আৰক্ষীৰ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ‘ব’ৰ্ড অৱ ইলেক্ট্রো হোমিঅ’পেথিক মেডিচিন’ নামৰ নকল এটা সংস্থা সৃষ্টি কৰিছিল অভিযুক্তসকলে৷ দাবী কৰা হৈছিল যে এই সংস্থা গুজৰাট চৰকাৰৰ দ্বাৰা অনুমোদিত৷ আৰক্ষী সূত্রই সদৰী কৰে যে ভাৰতত ইলেক্ট্রো হোমিঅ’পেথিক লৈ নির্দিষ্ট কোনো নিয়ম–বিধি নথকাৰ বাবেই এইক্ষেত্রত সংস্থা খোলাৰ পৰিকল্পনা কৰে ষড়যন্ত্রকাৰীসকলে৷ অষ্টম শ্রেণী উত্তীর্ণ শিক্ষার্থীক ৭০,০০০ টকাৰ বিনিময়ত এই হোমিঅ’পেথিক মেডিকেল কলেজৰ ডিগ্রী প্রদান কৰা হৈছিল৷ ডিগ্রীপ্রাপকসকলে যি ৱেবছাইটত নিজৰ নাম নথিভুক্ত কৰিছিল, সেয়াও ভুৱা বুলি জানিব পাৰিছে আৰক্ষীয়ে৷ যিমানেই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে, সিমানেই ন ন তথ্য পোহৰলৈ আহিছে৷ এই তথ্যই হতবাক কৰি তুলিছে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক৷ তদন্তকাৰী আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহৎ অংকৰ ধনৰ বিনিময়ত যিসকলে ডিগ্রী ক্রয় কৰিছিল, তেওঁলোকে বছৰি গড়ে ১০,০০০ টকাকৈ দি সেই ডিগ্রীৰ নৱীকৰণ কৰাবলগীয়া হৈছিল৷ ভুৱা চিকিৎসকসকলক জনোৱা হৈছিল যে ডিগ্রীৰ প্রমাণ–পত্র লৈ তেওঁলোকে হোমিঅ’পেথী আৰু এল’পেথী দুয়োটা পদ্ধতিত চিকিৎসা কৰিব পাৰিব৷ তিনিজন ভুৱা চিকিৎসকক হাতে–লোটে গ্রেপ্তাৰ কৰাৰ পিছত অভিযুক্তসকলৰ সন্ধান পায় আৰক্ষীয়ে৷ ইতিমধ্যে এই চৈধ্যজন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ উপৰি এই সমগ্র ঘটনাত জড়িত মাষ্টাৰমাইণ্ড ৰমেশ গুজৰাটিকো গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি অকল চৈধ্যজনেই নহয়, এনেদৰে ভুৱা প্রতিষ্ঠানৰ পৰা নকল ডিগ্রী লৈ বহু প্রৱঞ্চকে চিকিৎসাৰ নামত জনসাধাৰণক প্রতাৰণা কৰি আছে৷

You might also like