সুকন্যা : দুগ্ধ উৎপাদনেৰে চমক বজালীৰ জোনা তামুলী বর্মনৰ
উৎপল কুমাৰ কলিতা
অসমত দুগ্ধ বিপ্লৱৰ ভেটিত অন্যতম অৱদান আগবঢ়াই আহিছে বজালীয়ে৷ বর্তমান সময়ত দুগ্ধ উৎপাদনত বজালীৰ নাম অসমৰ মানচিত্রত প্রথম স্থানতে জিলিকি আছে৷ বজালীত অকল পুৰুষে নহয়, পুৰুষৰ সমানে সমানে বহুকেইগৰাকী নাৰীয়েও আগুৱাই আহিছে দুগ্ধ উৎপাদন ক্ষেত্রলৈ৷ এনে এগৰাকী নাৰী হ’ল জোনা তামুলী বর্মন৷ শূন্যৰ পৰা যাত্রা আৰম্ভ কৰি অসমৰ শ্রেষ্ঠ মহিলা দুগ্ধপালকৰ স্বীকৃতি লৈ সংগ্রামী এক যাত্রাৰে জিলিকি উঠিছে জোনা৷ বজালী জিলাৰ পাটাছাৰকুছিৰ পৰা ১২ কিলোমিটাৰ ভিতৰৰ এখন সৰু গাঁও (খাৰাধৰা বজাৰৰ সমীপৰ) ভোজকুছিয়াপাৰা৷ এই সৰু গাঁওখনত সম্প্রতি ঘৰে ঘৰে দুগ্ধ উৎপাদনৰ বাবে গো পালনক অন্যতম জীৱিকা হিচাপে লৈছে প্রায়ভাগ লোকে৷ এই গাঁওখনৰে এগৰাকী উদ্যমী বোৱাৰী জোনা তামুলী বর্মন৷ সাম্প্রতিক সময়ত নাৰী স্বাৱলম্বিতাৰ ক্ষেত্রত সমগ্র অসমতে এক জিলিকি থকা নাম হৈ পৰিছে জোনা তামুলী বর্মন৷
সেয়া আছিল ২০০৪ চনৰ কথা৷ ডিব্রুগড়ৰ মোহনবাৰীৰ জীয়ৰী জোনা তামুলী বিয়া হৈ আহিছিল সুদূৰ বজালীৰ খাৰাধৰা ভোজকুছিয়াপাৰাৰ প্রণৱ বর্মনলৈ৷ তেতিয়া প্রণৱ বর্মনৰ ঘৰৰ অৱস্থা একেবাৰে সাধাৰণ আছিল৷ কোনোমতে চলি থকা এটা নিম্ন আয়ৰ পৰিয়াল৷ ঘৰৰ সম্পত্তি বুলিবলৈ একো নাছিল৷ জোনাই ন–ঘৰখনলৈ আহি প্রত্যক্ষ কৰিছিল এই অৱস্থা৷ কিন্তু জোনাই বিচলিত হোৱাৰ পৰিৱর্তে পৰিস্থিতিটো চম্ভালি কিবা এটা কৰাৰ মন মেলিছিল৷ তেওঁ দেখিছিল তেওঁলোকৰ অঞ্চলৰ প্রায়ভাগ লোকে দুগ্ধ পালনত জড়িত৷ সেয়ে জোনাই দুগ্ধ উৎপাদনত মনোনিৱেশ কৰি পৰিয়ালটোক সকাহ দিয়াৰ প্রয়াস কৰিলে৷ হাতত সম্পদ বুলিবলৈ আছিল এটা থলুৱা প্রজাতিৰ দৈনিক ২–৩ লিটাৰ গাখীৰ দিয়া গাই৷ সেইটো গাইৰে আৰম্ভ হ’ল জোনাৰ যাত্রা৷ জোনাই এই সম্পর্কে স্থানীয় পশু চিকিৎসালয়ত কৃত্রিম প্রজনন ব্যৱস্থা কৰিবলৈ যোগাযোগ কৰিলে৷ চিকিৎসক ডাঃ হিতেশ পাঠকৰ সহযোগত চাৰি বছৰত চাৰিটা উন্নত জাতৰ পোৱালি জন্ম দিবলৈ সক্ষম হ’ল৷ এয়াই হ’ল শূন্যৰ পৰা আৰম্ভণি এক সফল যাত্রাৰ৷ প্রচুৰ অধ্যৱসায়, দৃঢ়তা, মনোবলেৰে আৰম্ভ কৰা এই যাত্রা পৰৱর্তী সময়ত পৰিণত হয় জয়যাত্রাত৷
এই যাত্রা সম্পর্কত জোনাই কয়– ‘জীৱনত মানুহৰ বহু সপোন থাকে৷ এই সপোন খেদিয়ে এদিন এই পথত আগবাঢ়িছিলোঁ৷ হাতত সম্পদ বুলিবলৈ একো নাছিল৷ সাৰথি আছিল মোৰ স্বামী, আমাৰ কর্ম উপদেষ্টা আৰু সহায়কর্তা আছিল পশু চিকিৎসক ডাঃ হিতেশ পাঠক আৰু সম্বল আছিল থলুৱা প্রজাতিৰ এটা গাইগৰু৷ দিনে–ৰাতি কাম কৰিছিলোঁ আৰু ফলাফল নেদেখাজনৰ ওচৰত এৰি দিছিলোঁ৷’
২০০৪ চনত এটা থলুৱা প্রজাতিৰ গাইগৰুৰ যাত্রা আৰম্ভ কৰা জোনা তামুলীৰ দুগ্ধ উৎপাদন ফার্মত বর্তমান আছে ৪০টাৰো অধিক বিভিন্ন প্রজাতিৰ গৰু৷ এদিন তিনি লিটাৰ গাখীৰ উৎপাদন কৰা জোনাৰ ফার্মৰ পৰা বর্তমানে প্রতিদিনে উৎপাদন হয় ২১০–২২০ লিটাৰ গাখীৰ৷ এই গাখীৰ বিক্রীৰ পৰা আহে দৈনিক ১০ হাজাৰ টকা৷ তেওঁলোকে এই গাখীৰ স্থানীয়ভাৱে গঢ়ি উঠা হিমালয় ক্ষুদ্র সমবায়ত যোগান ধৰে আৰু তাৰ পৰা পূৰবীকে ধৰি বিভিন্ন স্থানলৈ যায়৷ আৰম্ভণিতে জোনাই চাইকেলত গাখীৰৰ গেলনবোৰ বান্ধি সাত কিলোমিটাৰ দূৰৰ নিত্যানন্দলৈ নি জমা দিছিল প্রতিদিনে৷
কর্মকে ধর্ম জ্ঞান কৰা জোনা তামুলী বর্মনে ৰাতিপুৱা ৫ বজাতে আৰম্ভ কৰে কর্মযাত্রা৷ গোহালি পৰিষ্কাৰ কৰা, গাইবোৰক গা ধুওৱা, দানা ৰন্ধা আদি সকলো কাম কৰে নিজেই৷ এই কামত জোনাক সহযোগ কৰে স্বামী প্রণৱ বর্মনে৷ আনকি জোনাই নিজে পুৱা উঠি গাখীৰ খীৰায়৷ দুই লিটাৰ গাখীৰ খীৰাই শেষ কৰা সহজ নহয়, কিন্তু সেই কামো হেলাৰঙে কৰি যায় জোনাই৷ এই সকলোৰে মাজত এগৰাকী গৃহিণী হিচাপে সন্তানৰ দায়িত্ব, ঘৰৰ দায়িত্ব আছেই৷ এই সম্পর্কত জোনাই কয়– ‘মই সদায় যত্ন কৰিলে ৰত্ন মিলে কথাষাৰ মানি চলোঁ৷ কিবা এটা পাবলৈ কষ্ট কৰিবই লাগিব৷ তাৰ বাবে যিমান পাৰি সোনকালে বিছনা এৰি ঘৰৰ কাম কৰি গোহালিতে সোমাওঁ পুৱা ৫ বজাত৷ সন্ধিয়া ৬–৭ বজালৈ গোহালিতে ব্যস্ত থাকোঁ৷ তাৰ মাজতে ল’ৰাক স্কুললৈ পঠিওৱা, ৰন্ধা–বঢ়া কাম কৰোঁ৷ মোৰ বাবে গোহালিটোৱে সকলো হৈ পৰিছে৷ আনকি মাৰ ঘৰলৈ যাবলৈও সময় নাপাওঁ৷ গৰুবোৰৰ মৰমে মোক প্রতিনিয়ত বান্ধি ৰাখে৷ আমাৰ ফার্মৰ বাবে কোনো স্থায়ী কর্মচাৰী নাই৷ নিজেই সকলো চম্ভালোঁ৷’ উল্লেখ্য যে শূন্যৰ পৰা আৰম্ভ কৰা জোনা তামুলী বর্মন ৰাজ্যৰ শীর্ষৰ দুগ্ধপালকসকলৰ মাজত এগৰাকী হ’ব পৰাৰ আঁৰতে আছে তেওঁৰ প্রচুৰ কষ্ট কৰিব পৰা শক্তি৷
এই গো পালন আৰু দুগ্ধ উৎপাদনৰ লাভ সম্পর্কে জোনাই প্রকাশ কৰা মতে– ‘দুগ্ধ উৎপাদন এক অতি লাভজনক বৃত্তি৷ আমিও প্রথমে ভবা নাছিলোঁ গো পালন আৰু দুগ্ধ উৎপাদন ইমান লাভজনক হ’ব পাৰে৷ এটা দেশী থলুৱা গাইগৰুৰে যাত্রা আৰম্ভ কৰি হাতত এটকাও নথকাকৈ আজি নিজাকৈ স্বাৱলম্বী হৈ থিয় দিছোঁ লাভ আছে বাবেই৷ ইয়াত কষ্ট যিদৰে আছে সেইদৰে উপার্জনো আছে৷ ভালকৈ চলিলে চৰকাৰী চাকৰিতকৈ ই বেছি উপার্জন দিয়ে৷ বজাৰৰ বাবেও চিন্তা কৰিবলগা নহয়, কাৰণ চাহিদাতকৈ অসমত আজিও গাখীৰৰ উৎপাদন কম৷ গাখীৰ বিক্রীৰ লগতে পোৱালি বিক্রীৰ জৰিয়তেও লাভ পোৱা যায়৷’
গো পালন আৰু দুগ্ধ উৎপাদনেৰে সম্প্রতি জোনাই গঢ়ি তুলিছে এটা ধান বনা কল, ক্রয় কৰিছে ষোল্ল বিঘা মাটি, ঘৰৰ সন্মুখৰ এই মাটিত মাছ পালনৰ বাবে পুখুৰী খান্দিছে, পাৰে পাৰে কলৰ বাগিচা পাতিছে, গৰুৰ বাবে কৰিছে ঘাঁহ খেতি৷ প্রতিদিনে গড়ে ২০০ লিটাৰ গাখীৰ বিক্রী কৰা জোনাই পোৱালি বিক্রী কৰি ৯–১০ লাখ টকা বছৰি উপার্জন কৰে৷ ভৱিষ্যতে অধিক বিজ্ঞানসন্মত গোহালি নির্মাণেৰে তেওঁৰ দুগ্ধ পামখন আৰু অধিক সম্প্রসাৰণৰ লক্ষ্য স্থিৰ কৰি লৈছে৷
ইতিমধ্যে জোনা তামুলী বর্মনৰ এই উদ্যমী কর্মৰ বাবে লাভ কৰিছে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্রীয় পুৰস্কাৰ৷ ২০১৩ চনত তেওঁ ৰাজ্যৰ মহিলা উদ্যমীৰ বঁটা লাভ কৰে, ২০১৮ চনত তেওঁ ৰাজ্যৰ শ্রেষ্ঠ মহিলা দুগ্ধ উৎপাদক হিচাপে মুখ্যমন্ত্রীৰ প্রেৰণা বঁটা লাভ কৰে, ২০১৯ চনত ৰাষ্ট্রীয় পর্যায়ত দুগ্ধপালক বঁটা আৰুWAMULৰ তৰফৰ পৰা ৰাষ্ট্রীয় স্তৰত শ্রেষ্ঠতাৰ সন্মান লাভ কৰে৷ ২০২১ চনত তেওঁ ডালমিয়া ইয়ংএছিভাৰ পুৰস্কাৰ লাভ কৰে৷ স্থানীয় আৰু জিলা পর্যায়তো তেওঁ লাভ কৰিছে বিভিন্ন পুৰস্কাৰ, সম্বর্ধনা৷ এইদৰে আজি জোনা তামুলী বর্মন অসমৰ সকলোৰে বাবে স্ব–নিয়োজন, উদ্যমিতা আৰু নাৰী সবলীকৰণৰ জ্বলন্ত উদাহৰণ হৈ পৰিছে৷ শূন্যৰ পৰা শিখৰলৈ তেওঁৰ জয়যাত্রা হৈ পৰিছে অজস্রজনৰ প্রেৰণাৰ আলোক৷
ফোন : ৯৩৯৪৯–২২৫২৭