🔹 গো–মাংস বিতর্কলৈ গুৰুজনাক টানি অনা এপিচিচিৰ সভাপতিক কটাক্ষ ড০ শর্মাৰ
বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : ৰাজ্যত অব্যাহত থকা গো–মাংস বিতর্কলৈ গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক টানি অনা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক তীক্ষ্ণ কটাক্ষ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিষয়টো সম্পর্কত প্রতিক্রিয়া জানিব বিচৰাত মুখ্যমন্ত্রী ড০ শর্মাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জীৱন বৃত্তান্ত সম্পর্কে ভালদৰে পঢ়ি–শুনি ল’বলৈ আহ্বান জনায় প্রদেশ কংগ্রেছৰ সভাপতি বৰাক৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ নৱবৈষ্ণৱ ধর্মৰ কেন্দ্রীয় চৰিত্রটো হ’ল শ্রীকৃষ্ণ৷ যদুবংশৰ পৰা আৰম্ভ কৰি শ্রীকৃষ্ণৰ যদি গোটেই জীৱন আমি চাবলৈ যাওঁ তেতিয়াহ’লে তেওঁৰ সমগ্র লীলাত আটাইতকৈ যদি কোনোবাই ডাঙৰ ভূমিকা পালন কৰিছে, সেয়া হ’ল গো–মাতা৷ গতিকে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱেই হওক বা ভাৰতবর্ষৰ সনাতন সংস্কৃতিৰ বাবেই হওক- গো–বংশ হ’ল আটাইতকৈ পূজ্য আৰু সন্মানৰ৷ আদিম কালত গৰু অবিহনে সমাজ জীৱন জীয়াই থাকিব নোৱাৰিছিল৷ গৰুৰ দ্বাৰা খেতি কৰোৱা হৈছিল, গৰুৱে গাখীৰ দিছিল৷ সমাজ জীৱনত গৰুৱে আমাৰ পিতৃপুৰুষক যিমান উপকাৰ কৰিছিল, সিমান উপকাৰ আন কোনোৱে কৰিব পৰা নাছিল৷ সেই কাৰণে ভাৰতৰ সনাতন সভ্যতাই গো–বংশক নিজৰ মাতৃৰ সৈতে তুলনা কৰে বুলি মত আগবঢ়ায় মুখ্যমন্ত্রী ড০ শর্মাই৷ প্রদেশ কংগ্রেছৰ সভাপতিৰ যিকোনো কাৰণতে জিভা পিছলিল বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে বৰাই প্রায়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেওঁৰ জীৱন বৃত্তান্তক ক’ৰবাত নহয় ক’ৰবাত ভুলকৈ উল্লেখ কৰে৷ মই ভাবোঁ, তেওঁ কোনোবা এটা সময়ত গোটেই কথাখিনি ভালদৰে পঢ়ি–শুনি ল’ব লাগে৷ নিজৰো জ্ঞান হ’ব আৰু তেওঁ এইটোও বুজি পাব– হিন্দুৰ মাজত যিমানেই পার্থক্য নাথাকক কিয়, কোনোবাই নামঘৰত যায়, কোনোবাই মন্দিৰত যায়, কোনোবাই বৃক্ষক পূজা কৰে, কিন্তু সনাতন হিন্দুত এটা সর্বজন স্বীকৃত উপাদান হ’ল গো আমাৰ মাতৃ আৰু গোক আমি আমাৰ মাৰ সৈতে তুলনা কৰোঁ৷