🔹 ৰেম্পত দুই মন্ত্ৰীৰ লয়লাস ভংগীত অভিভূত উপস্থিত দর্শক
নিউজ ডেস্ক, ৯ ডিচেম্বৰ : কেৱল মন্ত্রীয়েই নহয়, মডেলো ! দুগৰাকী কেন্দ্রীয় মন্ত্রীক দেখিবলৈ পোৱা গ’ল ফেশ্বন ৰেম্পত৷ এগৰাকী হৈছে পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্রী সুকান্ত মজুমদাৰ আৰু আনগৰাকী কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া৷ পৰহি দুয়োগৰাকী মন্ত্রীক ভাৰত মণ্ডপমত আয়োজন কৰা ফেশ্বন ৰেম্পত দেখিবলৈ পোৱা যায়৷ অষ্টলক্ষ্মী মহোৎসৱ ফাংছন শ্ব’ৰ অংশ হিচাপে এই ফেশ্বন ৰেম্পৰ আয়োজন কৰা হৈছিল৷ এই ফেশ্বন শ্ব’ৰ মঞ্চত উঠিল দুয়োগৰাকী মন্ত্রী৷ উত্তৰ–পূব ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিক পোছাকৰ জৰিয়তে তুলি ধৰাই লক্ষ্য আছিল ৰেম্প শ্ব’ৰ৷ দুয়োগৰাকী মন্ত্রীয়ে ৰেম্পত গৈ লয়লাস ভংগীৰে খোজকঢ়া দেখি অভিভূত হৈ পৰে উপস্থিত দর্শকসকল৷ মন্ত্রী সুকান্তৰ ডিঙিত আছিল ৰঙা ৰঙৰ দীঘলীয়া স্কার্ট৷ আনফালে ব্লেজাৰ আৰু ক্রীম কালাৰৰ পেণ্ট তথা জোতা। একেদৰে মন্ত্রী সিন্ধিয়াৰ পিন্ধনত আছিল বহল জেকেট৷ দুয়োগৰাকী মন্ত্রীয়ে ফেশ্বন শ্ব’ৰ বাবে নিজকে সাজু কৰি আহিছিল বুলি বিভিন্ন মহলে মন্তব্য কৰিছে৷ স্মর্তব্য যে শুকুৰবাৰে অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷ সুকান্ত মজুমদাৰ পশ্চিমবংগৰ ৰাজনীতিৰ এগৰাকী প্রভাৱশালী নেতা৷ ৰাজ্যৰ ৰাজনীতিত গুৰুদায়িত্ব পালন কৰাৰ লগতে কেন্দ্রীয় মন্ত্রীৰ দায়িত্বও পালন কৰি আছে সুকান্ত মজুমদাৰে৷ মন্ত্রীগৰাকীৰ শেহতীয়া পোছাকক লৈ তেওঁৰ অনুৰাগীসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে৷ ইফালে, কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই এই ৰেম্পত খোজকাঢ়িবলৈ পাই অভিভূত হোৱা বুলি সংবাদ মাধ্যমক জনাইছে৷