নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেচন কাৰ্ড কেলেংকাৰিৰ তদন্ত চলাবলৈ ধুবুৰীত উপস্থিত তদন্তকাৰী দল

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ এক তদন্তকাৰী দল কালি ধুবুৰীত আহি উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। বিভাগটোৰ যুটীয়া সঞ্চালক বিপুল তালুকদাৰৰ নেতৃত্বত অহা পাঁচ জনীয়া সেই দলটোৱে সেই জিলাখনত সংগঠিত হোৱা ৰেচন কাৰ্ড কেলেংকাৰীৰ তদন্ত চলাবলৈ অহা বুলি প্ৰকাশ। আনুষ্ঠানিক ভাবে একো নজনালেও ধুবুৰীকে ধৰি জিলাখনৰ কেইবাটাও সুলভ মূল্যৰ প্ৰতিষ্ঠান, একাংশ সমবায় সমিতিকে ধৰি ধুবুৰীত কৰ্মৰত কেইগৰাকী উপ-পৰিদৰ্শকৰ ভূমিকা সন্দেহৰ আৱৰ্তত সুমাই পৰিছে। ইয়াতে উল্লেখ্যনীয় যে, বিগত ২৯ নৱেম্বৰৰ দিনা ৰেচন কাৰ্ডৰ কেলেংকাৰী জনিত অভিযোগত ধুবুৰী জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ অধীক্ষক অশোক কুমাৰ শৰ্মাক নিলম্বিত হৈছিল। ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয়ে  নিলম্বন কৰিছিল শৰ্মাক। সেই ঘটনাৰ আঁত ধৰিয়েই বিভাগটোৰ এটা উচ্চ-পদস্থ দলে তদন্ত চলাবলৈ ধুবুৰী লৈ অহা বুলি সন্দেহ কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like