এৰাবাৰীত পৰিণত ধুবুৰীৰ পৰ্যটন বিভাগৰ নিৰীক্ষণ কেন্দ্ৰ-অতিথি নিৱাস
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ নৈশৰ্গিক দৃশ্য উপভোগ কৰাৰ বাবে তথা পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰ পৰ্যটন বিভাগে ধুবুৰীত নিৰ্মাণ কৰা কেইবা লাখ টকীয়া মূল্যৰ দুই মহলীয়া নিৰীক্ষণ কেন্দ্ৰৰ এটাৰ বৰ্তমানে এৰাবাৰী সদৃশ অৱস্থা৷ ঠিক অনুৰূপ অৱস্থা পৰ্যটন বিভাগৰ অতিথি নিবাস “প্ৰশান্তি টুৰিষ্ট ল’জ আৰু ৰেষ্টুৰেন্ট”ৰ। উল্লেখ্য যে, ২০০৯ চনত অসম চৰকাৰৰ পৰ্যটন বিভাগে ৭৩ লাখ টকাৰে ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ সমীপৰ বৰলুইতৰ পাৰত পৰ্যটকক নৈখনৰ সৌন্দর্য উপভোগ কৰাৰ বাবে নিৰ্মাণ আৰম্ভ কৰিছিল এটা নিৰীক্ষণ কেন্দ্ৰ। দুই মহলীয়া সেই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ২০১১ চনৰ অন্তিম ফালে৷ ২০১১ চনৰ ২৫ নভেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে মুকলি হৈছিল সেইটো৷ ওপৰ মহলাৰ পৰা নদীখনৰ সৌন্দৰ্য নীৰিক্ষণ কৰাৰ সুৱিধাসহ তলৰ মহলাত “ফাষ্ট ফুড ৰেষ্টুৰেন্ট” চলোৱাৰ বাবে নিবিদা যোগে পৰ্যটন বিভাগৰ অনুমতি লাভ কৰিছিল স্থানীয় এটা প্ৰতিষ্ঠানে৷ আশা কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ বাবে পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব নীৰিক্ষণ কেন্দ্ৰটো৷ স্থানীয় সেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে সেইটো চলাবলৈ পৰ্যটন বিভাগৰ সৈতে ২০১৪ চনলৈ চুক্তিৱদ্ধ হৈছিল যদিও পিছলৈ সেয়া এবছৰ বৃদ্ধি কৰা হোৱা বুলি প্ৰকাশ৷ পিছে ২০১৫ চনলৈ চলোৱাৰ সেই চুক্তিখনৰ ম্যাদ উকলাৰ পিছত পুনৰাই নীৰিক্ষণ কেন্দ্ৰটো চলাবলৈ অনীহা প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৱে৷ জানিব পৰা মতে, অইন কোনো প্ৰতিষ্ঠানেও সেইটো চলাবলৈ আগ্ৰহ প্ৰকাশ নকৰাৰ ফলত তেতিয়াৰ পৰাই বন্ধ হৈ পৰা ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই নীৰিক্ষণ কেন্দ্ৰটো বৰ্তমানে এৰাবাৰীত পৰিণত হৈছে। ইয়াতে উল্লেখনীয় এয়াও যে, সেই ভৱনটো নিৰ্মাণত ব্যাপক কাৰিকৰী বিসংগতি থকা বুলিও কিন্তু চৰ্চিত আছে স্থানীয় ভূৰখা মহলত। ঠিক অনুৰূপে বিগত কেইবা বছৰৰ পৰা বন্ধ হৈ থকা পৰ্য্যটন বিভাগৰ ধুবুৰীৰ অতিথি নিবাসটোও বৰ্তমানে এৰবাৰীৰ ৰূপ লৈছে। উল্লেখ্য যে, ২০০৭ বৰ্ষৰ ৮ জানুৱাৰীৰ দিনা অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ধুবুৰীৰ সেই পৰ্যটন বিভাগৰ পৰ্যটক নিবাসৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল। সেই সময়ত কেইবালাখ টকাৰে চহৰখনৰ ১ নং ৱাৰ্ডত নিৰ্মিত হোৱা এমহলীয়া “প্ৰশান্তি টুৰিষ্ট ল’জ আৰু ৰেষ্টুৰেন্ট” নামৰ সেই পৰ্যটন নিবাসটো গ্ৰাহকৰ বিপুল সহাৰি পোৱা দেখা গৈছিল। পৰ্যটন নিৱাসৰ সমীপতেই জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আদালতকে ধৰি অন্যান্য কেইবাটাও চৰকাৰী কাৰ্যালয় থকা বাবে সেইখনৰ ৰেষ্টুৰেন্টতো দুপৰীয়া প্ৰচুৰ গ্ৰাহকৰ সমাগম হৈছিল। কিন্তু, উপযুক্ত ৰক্ষণাবেক্ষণ আৰু নিয়মিত ৰিপিয়াৰিংৰ অভাৱত পিছলৈ গৈ সেই পৰ্যটন নিবাসটোৰ ভৱনটো ক্ৰমশঃ জহি-খহি পৰিবলৈ লৈছিল আৰু অৱশেষত গৈ বিগত কেইবাবছৰ পূৰ্বৰ পৰা সম্পূৰ্ণ ভাবে বন্ধ হৈ পৰে সেইটো। উল্লেখ্য যে, পৰ্যটন বিভাগৰ নীৰিক্ষণ কেন্দ্ৰৰ ভৱনটোৰ অনুৰূপে পৰ্যটন নিবাসটোও নিৰ্মাণৰ ক্ষেত্ৰতো ব্যাপক খেলি-মেলি হোৱাৰো কিন্তু আছে অভিযোগ। ইয়াতে উল্লেখনীয় এয়াও যে, পৰ্যটন বিভাগৰ ধুবুৰীৰ সেই নীৰিক্ষণ কেন্দ্ৰ আৰু অতিথি নিবাস দুটাৰ সমীপত নতুনকৈ নিৰ্মিত হোৱা এখন হোটেল তথা ৰেষ্টুৰেন্টে ৰমৰমীয়া ব্যবসায় চলাই থকাৰ সমান্তৰালকৈ অঞ্চলটোত আছে সৰু-বৰ কেইবাটাও চাহ-মিঠাইৰ দোকানেো পৰিপ্ৰেক্ষিতত, অসম চৰকাৰৰ পৰ্যটন বিভাগে সেই দুটা পুনৰ খুলি স্থানীয় নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থানৰ ব্যৱস্থা কৰাৰ সম্ভাবনা দিশটো লৈ চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও কিন্তু উচ্চাৰিত কৰা পোৱা গৈছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী