নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত নবোৱাৰীৰ ৰহস্যজনক আত্মহত্যা, তীব্ৰ ৰহস্য

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : কামৰূপৰ টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ নতুন বদলাত অঘটন। স্বামীগৃহত ন-বোৱাৰীৰ আত্মহত্যা। ৰহস্যজনকভাবে মৃতদেহ মাটিলৈ নমায়ে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই স্বামী আৰু শহুৰেকৰ পলায়ন। বোৱাৰী গৰাকীৰ নাম পাৰৱীন চুলতানা (২০)। আজিৰে পৰা প্ৰায় বিশ দিন মানৰ পূৰ্বে টুপামাৰী বদলা গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ নজৰুল ইছলামে পাৰৱীন চুলতানাক হাজো অঞ্চলৰ পৰা প্ৰেম সূত্ৰেই পলুৱাই নি বিয়া পাতিছিল। পিছে ন-কইনাৰ বিশ দিনৰ পাছতেই কি এনে হ’ল যে আত্মহত্যা কৰিবলগীয়া হ’ল মহিলাগৰাকীয়ে? আজি পুৱতিনিশা স্বামী আৰু শহুৰেকে আৰক্ষী অহাৰ পূৰ্বে কিয় মৃতদেহ তললৈ নমালে আৰু দুয়ো হৈ পৰিল অন্তৰ্ধান? কোনেও একো দেখা নাই। সকলোৱে শুনিছেহে আত্মহত্যাৰ খৱৰ। মাত্ৰ ওলমি আছে ঊৰ্ণা এখন, পাছলৈ ঘটনাস্থলীত আৰক্ষী আৰু নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ নিয়াৰ দিহা কৰে। হঠাৎ মৃতদেহ তললৈ নমাই স্বামী আৰু শহুৰেক দুয়ো অন্তৰ্ধান হোৱাত বিষয়টোত ৰহস্য ঘণীভূত হৈছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like