আজি ১০ ডিচেম্বৰ, আঘোণ মাহৰ ২৪ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই
মেষ : শুভ ৰং বগা, সংখ্যা ৩। প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ প্রতিকাৰ– তুলসীক পূজা কৰিব৷
বৃষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ২। ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বেলপাতত চন্দন লগাই লগত ৰাখিব৷
মিথুন : শুভ ৰং হালধীয়া, সংখ্যা ৫৷ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ অনুভৱ কৰিব৷
কর্কট : শুভ ৰং বগা, শুভ সংখ্যা ৮৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে৷ কর্মত বাধা পাব৷
সিংহ : শুভ ৰং আকাশী নীলা, সংখ্যা ৯৷ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ প্রতিকাৰ– পাৰিলে উপবাসে থাকিব আৰু একচিত্তে শিৱৰ চৰণ চিন্তা কৰি ধ্যান কৰিব৷
কন্যা : শুভ ৰং গুলপীয়া, সংখ্যা ২৷ খং দমাই ৰাখিব অন্যথা ক্ষতি হ’ব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ প্রতিকাৰ– ভিক্ষাৰী এজনক বগা মিঠাই দান কৰি প্রণাম কৰিব৷
তুলা : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰা ভাল৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব৷ প্রতিকাৰ– গা ধুই নৱগ্রহৰ স্তোত্রম পাঠ কৰিব৷
বৃশ্চিক : শুভ ৰং বগা, সংখ্যা ৪৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ প্রতিকাৰ– ক’লা মণি এটা পানীৰ পাত্রত লৈ সুৰক্ষিত স্থানত ৰাখিব৷
ধনু : শুভ ৰং গেৰুৱা, সংখ্যা ৮। টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাওঁতে সূর্যলৈ চাই প্রণাম কৰি ওলাই যাব৷
মকৰ : শুভ ৰং হালধীয়া, সংখ্যা ৩৷ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ যত্ন ৰাখিব৷ প্রতিকাৰ– বেলপাত এটাত ৰঙা চন্দন লগাই লগত ৰাখিব৷
কুম্ভ : শুভ ৰং নীলা, সংখ্যা ৩৷ বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব৷ প্রতিকাৰ– ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ধূপ– ধূনা জ্বলাই গৃহলক্ষ্মীৰ পূজা–অর্চনা কৰিব৷
মীন : শুভ ৰং সেউজীয়া, সংখ্যা ৫৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব৷ শত্রুৰ পৰা ক্ষতিৰ আশংকা৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷