নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰঃ সদৌ অসম কবি সন্মিলনৰ অন্যতম শাখা মৰিয়নি শাখা কবি সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্য্যসূচীৰে ইয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰি কাৰ্য্যসূচী মুকলি কৰে মৰিয়নি শাখা কবি সন্মিলনৰ উপ-সভাপতি তথা কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰূপ নাথ আৰু শিক্ষবিদ- চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াই। স্মৃতি তৰ্পন কৰে সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই। আনহাতে, দূপৰীয়া মৰিয়নি শাখা কবি সন্মিলনৰ সদস্যা সকলৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে মুকলি সভা আৰম্ভ কৰা হয়। সমাজকৰ্মী নেকিবুল ইছলামে আঁ‌ত ধৰা সভাখনৰ সভাপতিত্ব কৰে উপ-সভাপতি অৰূপ নাথে। মৰিয়নি শাখা কবি সন্মিলনৰ সম্পাদক বন্দিতা বুঢ়াগোহাঁই (কবিতা)য়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড°পৰাণ বৰুৱা, সম্পাদক দেৱজিৎ গোস্বামী, জ্যেষ্ঠ শিল্পী তৰুণ শ‌ইকীয়া, জ্যেষ্ঠ নাগৰিক ধীৰেন্দ্ৰ নাথ দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ বৰুৱা, নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱা, জ্যেষ্ঠ কবি হেমচন্দ্ৰ গগৈ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰিতম কুমাৰ শইকীয়া সভাপতি আৰু বন্দিতা বুঢ়াগোহাঁই (কবিতা)ক সম্পাদক হিচাপে লৈ গঠন কৰা মৰিয়নি শাখা কবি সন্মিলনে নতুন কবি সকলক এখন মঞ্চ দিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে। জ্যেষ্ঠ শিল্পী তৰুণ শ‌ইকীয়া, বনসংগীতা বৰা আৰু দুলুমণি মালাকাৰৰ গীত পৰিৱেশনৰ লগতে ৰুনজুন ডান্স একাডেমীৰ কণ কণ শিশু সকলৰ দলীয় নৃত্যই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এলানি স্বৰচিত কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল আৰু উক্ত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক এই সভাতেই পুৰস্কৃত কৰা হয়। বিয়লি ‘আঘোণৰ অনুভূতি’ শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত যোৰহাট মহানগৰ শাখাৰ সভাপতি বিনু ফুকন, সম্পাদক মফিদা বেগম, শেৱালি দত্ত শইকীয়া, জলী বেগম, বিনু কাকতি, জ্যোতি মণি শ‌ইকীয়া, ৰূপৰেখা বৰুৱা, অনুৰাধা শইকীয়া বুঢ়াগোহাঁই, জুনমনি গগৈ, শিখামনি কাকতি, মামনী বৰঠাকুৰ, বন্দিতা বুঢ়াগোহাঁই (কবিতা), অনিতা কুমাৰী, শিল্পী নেওগ, বন্তি দত্ত, বিজিত লাহন, অৰুনাভ লাহন, শৰৎ গগৈ, বিনয় শইকীয়া, অংকুৰজ্যোতি বুঢ়াগোহাঁই, দিজেন্দ্ৰ নাৰায়ন ৰাও, অভিজিত কছাৰী, দেৱজিত গোস্বামী, চহন কানু, তিলক চন্দ্ৰ বৰা প্ৰমুখ্য প্ৰায় দুকুৰি কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো মুখৰ কৰি তোলে । তৰুণ শইকীয়াই শলাগৰ শৰাই প্ৰদান কৰা অনুষ্ঠানটোত কবিতা পাঠ কৰা সকলো কবিকে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like