নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহিনত নহয়, আঘোণত চিলাপথাৰত দুৰ্গা পূজা উদযাপন

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ চিলাপথাৰ অঞ্চলৰ অন্তৰ্গত ২নং কাৰেং গাঁৱত আঘোণ মাহত আয়োজিত ৩৭সংখ্যক শ্ৰী শ্ৰী কন্তানী অৰ্থাৎ দশভূজা দুৰ্গাৰ পূজাৰ সোমবাৰে সামৰণি পৰিল। কাৰেং গাওঁৰ ‘ঘোষ’ পৰিয়ালৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চাৰিদিনীয়া বৰ্নিল কাৰ্যসূচীৰে আয়োজন কৰা হ’ল এই আবতৰীয়া দশভূজাৰ পূজা। অন্তিম দিনা ওৰেটো নিশা ঢাক-ঢ়োলৰ উত্তাল শব্দ, আমন্ত্ৰিত শিল্পীৰ ভক্তিগীতৰে মুখৰ হৈ পৰিল পূজাস্থলী। পূজাৰ উপলক্ষ্যে স্থাপিত দোকান পোহাৰতো দেখা গ’ল ব্যাপক জনসমাগম। অন্তিম দিনৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নন্দীগিৰী সমাজ কল্যাণ গোটৰ অধ্যক্ষ তথা বিশিষ্ট ব্যৱসায়ী নন্দীগিৰি ভূঞা। দেৱীমাৰ শ্ৰীচণত নৈবেদ্য আগবঢ়াই সমাজৰ শান্তি সম্প্ৰতি আৰু একতাৰ বাবে আশীষৰ প্ৰাৰ্থনা জনালে বিশিষ্ট ব্যৱসায়ী নন্দীগিৰি ভূঞাই। অশুভ শক্তি মষিমূৰ কৰিবলৈ যুগে যুগে নাৰী শক্তিয়ে কলৰূপ ধাৰণ কৰি আহিছে বুলি মন্তব্য কৰি দেশৰ উন্নয়নৰ বাবে নৱ প্ৰজন্মৰ শিক্ষাৰ উত্তৰণৰ উপৰত গুৰুত্ব দিব লাগিব বুলি গুৰুতত্বপূৰ্ন বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত চিমেন চাপৰি কলেজৰ সহকাৰী অধ্যাপক ড: দেবজিত দাসগুপ্তা, চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ সহকাৰী অধ্যাপক ড: বিজয় দেৱ আদি কেইবাজনে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম বেংগলী ছাত্ৰ ফেডাৰেচনৰ বহু কৰ্ম কৰ্তাৰ লগতে স্থানীয় ৰাইজ। নিশাৰ ভাগত অনুষ্ঠিত হ’ল আমন্ত্ৰিত অতিথিৰ ভক্তি গীত আৰু আকৰ্ষণীয় নৃত্য উপভোগৰ বাবে উপস্থিত থাকিল বহু ভক্ত ৰাইজ।
প্ৰেৰক কৰবী দলে
You might also like