নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ ধর্ষণৰ বলি হৈ অন্তঃসত্ত্বা হোৱা এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ গর্ভপাতৰ বাবে অনুমতি প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে সাতজন নৰপিশাচৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হৈছিল ১৫ বছৰীয়া কিশোৰীগৰাকী৷ আদালতে বিষয়টো গুৰুত্বসহকাৰে লৈ অপৰাধীকেইজনৰ বিৰুদ্ধে গোচৰটো অব্যাহত ৰখাৰ লগতে কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ পৰা মতামত গ্রহণৰ পাছতে আজি এই ৰায় দিয়ে৷ মন কৰিবলগীয়া যে সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত আদালতে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি এই শুনানি চলাইছিল৷ আদালতে জিলা আইন সেৱা প্রাধিকাৰীক এগৰাকী মহিলা আইন স্বেচ্ছাসেৱক প্রেৰণ কৰি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ পৰা এই সন্দর্ভত মতামত সংগ্রহ কৰিবলৈ অনুৰোধ জনাইছিল৷ সেইমর্মে যোৱা ৪ ডিচেম্বৰত আইনী স্বেচ্ছাসেৱকগৰাকীয়ে কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ মতামত সংগ্রহ কৰি এক প্রতিবেদন আদালতত দাখিল কৰে৷ উক্ত প্রতিবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে এইটো পর্যবেক্ষণ কৰে যে ভুক্তভোগীৰ লগতে তেওঁৰ অভিভাৱকেও এই অবৈধ মাতৃত্ব প্রত্যাহাৰ কৰাৰ ইচ্ছুক৷ আদালতে জিলা চিকিৎসা বিষয়াক এই সন্দর্ভত এক বিশেষজ্ঞ সমিতি গঠনৰ নির্দেশ দিয়াৰ লগতে জিলা আইন সেৱা প্রাধিকাৰীক সকলো দিশ নিৰীক্ষণৰো নির্দেশ প্রদান কৰে৷ অকল এয়াই নহয়, আদালতে কিশোৰীগৰাকীৰ গর্ভপাতৰ বাবে প্রয়োজনীয় সমগ্র চিকিৎসাৰ খৰচ বহন কৰাৰ বাবেও ৰাজ্য চৰকাৰক নির্দেশ দিয়ে৷