বিবাহিত মহিলাই চেলোৱাৰ পিন্ধিলেই ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা
📌 মহিলাৰ সাজ পোছাকক লৈ ফটোৱা ছিপাঝাৰৰ গণেশকুঁৱৰীত
📌ছেলোৱাৰ কামিজ পিন্ধি সমাজচ্যূত এটা পৰিয়াল
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : এইবাৰ সাজ-পোছাকক লৈ ফটোৱা জাৰী কৰা হৈছে এইখন অসমৰে এখন গাঁৱত। কোনো বিবাহিত মহিলাই চেলোৱাৰ কামিজ পৰিধান কৰিলেই ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ অৰ্থ দণ্ড। নতুবা থাকিব লাগিব সমাজচ্যুত হৈ। সামাজিক সংকীৰ্ণতাৰ এই লজ্জাজনক আৰু ভয়ানক ছবি উন্মোচিত হৈছে ছিপাঝাৰৰ গণেশকুঁৱৰীত।গণেশ কুঁৱৰী অঞ্চলৰ গঙ্গাজানী-কুৱৰী গাঁৱত এগৰাকী বিবাহিত মহিলাই চেলোৱাৰ-কামিজ পৰিধান কৰাৰ বাবেই পৰিয়ালটো সমাজচ্যূত হবলগীয়া হৈ এতিয়া ন্যায় বিচাৰি কাষ চাপিছে প্ৰশাসনৰ। বিগত আঠ ডিচেম্বৰত পৰিয়ালটোৰ ওপৰত এই শাস্তি বিহাৰ পিছত বিমোৰত পৰা ভুক্তভোগী পৰিয়ালটোৱে এতিয়া ন্যায় বিচাৰি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু চক্ৰ বিষয়াৰ ওচৰ চপাৰ পিছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। উল্লেখযোগ্য যে গাঁওখনৰ প্ৰদীপ ৰাজবংশীৰ পত্নী মেঘালী দাস ওৰফে পিংকী দাস নামৰ মহিলাগৰাকীয়ে গাঁওখনৰে আন এগৰাকী বিবাহিত মহিলাৰ লগত চেলোৱাৰ কামিজ পৰিধান কৰি বজৰলৈ যোৱাৰ পিছতে সন্মুখীন হয় এই কঠোৰ শাস্তিৰ। ভুক্তভোগী মহিলাগৰাকীয়ে নিয়মীয়া বাৰ্তাৰ ওচৰত প্ৰকাশ কৰা মতে উক্ত গাঁওখনৰ দুগৰাকী চেলোৱাৰ কামিজ পৰিধান কৰা বিবাহিত মহিলা পৰকীয়া প্ৰেমত লিপ্ত হৈ নিজৰ সংসাৰ এৰি আন ব্যক্তিলৈ যোৱাৰ বাবে গাঁওখনত কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছিল। উক্ত মহিলা দুগৰাকী পূৰ্বৰ পৰিয়ালে যোগাযোগ ৰাখিলে এক লাখ টকাৰ অৰ্থ দণ্ডৰ ব্যৱস্থা নিৰ্ধাৰণ কৰি ৰখাৰ লগতে কোনো বিবাহিত মহিলাই চেলোৱাৰ কামিজ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। আনকি কোনো মহিলাই এই নিয়ম ভংগ কৰিলে পাঁচ হাজাৰ টকাৰ জৰিমণা বিহাৰো সিদ্ধান্ত লৈছিল গাঁওখনৰ মহিলা সমাজে। মূলত কেইগৰাকীমান মহিলাই লোৱা এই সিদ্ধান্তত আপত্তি থাকিলেও ভয়তে বিবাহিত মহিলাই একপ্ৰকাৰৰ চেলোৱাৰ কামিজ বাৰণ কৰিবলৈ বাধ্য হৈছিল। কিন্তু পেছাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী তথা সততে স্কুটাৰ চলাই ফুৰিবলগীয়া হোৱাৰ বাবে মেঘালী দাস নামৰ মহিলা গৰাকীয়ে এই নিষেধাজ্ঞা নামানি বিগত ৭ ডিচেম্বৰত যমুনা বৰা নামৰ আন এগৰাকী মহিলাৰ সতে বজাৰলৈ গৈছিল চেলোৱাৰ পৰিধান কৰিয়েই। আৰু এই নিষেধাজ্ঞা অমান্য কৰাৰ বাবেই জাপি দিয়া হল সমাজৰ পৰা এলাগী কৰাৰ কঠোৰ সিদ্ধান্ত।আঠ ডিচেম্বৰত স্হানীয় গণেশ মন্দিৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত মহিলা গৰাকীক বাৰণ কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ অৰ্থ দণ্ড অথবা সমাজৰ পৰা আলগ কৰি ৰখাৰ সিদ্ধান্ত লয় মহিলা সমাজে। আনকি নিজৰ কন্যা তিনিগৰাকীও ওচৰৰে এখন দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে সমাজচ্যুত কৰা বুলি ওভতাই পথোৱাত অইন এজনৰ জৰিয়তেহে ক্ৰয় কৰিব লগা হয়। মহিলা গৰাকীয়ে কৰা অভিযোগ মতে এই সমগ্ৰ নিষেধাজ্ঞা মৌখিকভাবে ৰীণা দাস নামৰ মহিলা গৰাকীয়ে অৱগত কৰিছিল। ইফালে আনগৰাকী যমুনা বৰাক ক্ষমা খুজিবলৈ বাধ্য কৰোৱাই যদিও অৰ্থদণ্ডৰ পৰা ৰেহাই দিয়ে। কিন্তু প্ৰদীপ ৰাজবংশী নামৰ লোকগৰাকী পৰিয়াল সহিতে আজিৰ পৰা চাৰি বছৰমান পূৰ্বেহে উক্ত গাঁওখনত মাটি বাৰী ক্ৰয় কৰি স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছিল বাবে পৰিয়ালটো সন্মুখীন হ’বলগীয়া হয় এই কঠোৰ শাস্তিৰ।আজি স্বামী স্ত্ৰী দূয়োগৰাকীয়ে প্ৰশাসনৰ ওচৰত সমগ্ৰ অভিযোগ লিখিতভাবে অৱগত কৰে।প্ৰয়োজন সাপেক্ষে অভিযোগৰ প্ৰতিলিপি মহিলা আয়োগ আৰু ৰাষ্ট্ৰপতি পৰ্যন্ত প্ৰেৰণ কৰিব বুলিও দোহাৰে। বিজ্ঞান প্ৰযুক্তিৰ দ্ৰত অগ্ৰগতিৰ এই সময়তো এনেদৰে পিন্ধা পোছাকক লৈও একপ্ৰকাৰৰ ফটোৱা জাৰী কৰাটোৱে সামাজিক সংকীৰ্ণতাৰ ছবিকেই যেন উন্মোচন কৰি তুলিছে।
প্ৰেৰক ৰণজিত কুমাৰ নাথ