নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশ্চুপ অগপ : শ্বহীদ দিৱসত অনুচ্চাৰিত অসম চুক্তি, ষষ্ঠ অনুসূচী ৰূপায়ণৰ কথা

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ ৮৬০ গৰাকী শ্বহীদৰ আত্মত্যাগ আৰু অসংখ্যজন নিৰ্যাতিত, ঘুণীয়া, ধৰ্ষিতা আৰু নিৰুদ্দিষ্ট হোৱাৰ বিনিময়ত ছবছৰীয়া ‘অসম আন্দোলন’ৰ ফলশ্ৰুতিত গঠিত অসম গণ পৰিষদ দলৰ ভৱানীপুৰত অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসত এবাৰলৈও উচ্চাৰিত নহ’ল ‘অসম চুক্তি’ৰ ৰূপায়ন আৰু চুক্তিখনৰ ‘আত্মা’স্বৰূপ ষষ্ঠ অনুসূচী ৰূপায়নৰ কথা। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰত আত্মত্যাগ কৰা ‘অসম আন্দোলন’ৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ওপজা গাঁও উজান বৰবড়ীৰ ‘শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ৰঙ্গমঞ্চ’ত অগপ নেতা তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উপস্থিত তিনি সহস্ৰাধিক ৰাইজক একপ্ৰকাৰ নিৰাশ কৰা পৰিলক্ষিত হয়। দলটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ সহযোগত অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি দলটোৰ শীৰ্ষ নেতা গৰাকীয়ে ভাষণৰ আৰম্ভণিতে অসমীয়া জাতিটোৰ কাৰণে আত্মত্যাগ কৰা শ্বহীদসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয়- শ্বহীদ পৰিয়ালসমূহে আজিও আমাক প্ৰেৰণা দি আহিছে। শ্বহীদসকলেই ৰাজ্যখনৰ লগতে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাক সচেতন কৰি দিলে। কোনোবাখন চৰকাৰে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বেছি আৰু কোনোবাই কম কাম কৰিছে, তেনে কথালৈ আমি নাযাওঁ। কিন্তু এইটো ঠিক, এই আন্দোলনে আমাক সচেতন কৰি তুলিলে। জাতীয় ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ দলটোৱে আগবাঢ়িব, অগপ দলটোৰ এয়া মূলমন্ত্ৰ। জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত ভাষা এটা মূল বিষয়। চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা দিলে।অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশ কমি আহিছে।এইক্ষেত্ৰত আমি সচেষ্ট হ’ব লাগিব।নেতাগৰাকীয়ে ভাষণত ৰাজ্যখনত ইতিপূৰ্বে সংগঠিত ভাষা আন্দোলন,তেল শোধনাগাৰ আন্দোলন আদিৰ কথাও উল্লেখ কৰে। ইতিমধ্যে গুৱাহাটীত ১১৬ বিঘা আবণ্টিত মাটিত শ্বহীদসকলৰ স্মৃতি সংৰক্ষণৰ বাবে চৰকাৰী উদ্যোগত ‘শ্বহীদ উদ্যান’ নিৰ্মাণৰ কাম চলি থকাৰ বিষয়ে নেতা গৰাকীয়ে উল্লেখ কৰে। অহা বছৰৰ ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই ‘শ্বহীদ উদ্যান’ মুকলি কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।আনহাতে সভাত ভাষণ দি অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে শ‌্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ ‘বিশেষ কবলগা নাই’ বুলি মন্তব্য কৰে।অৱশ্যে উজান বৰবড়ী গাঁৱত শ্বহীদৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ চিন স্বৰূপে কিছু উন্নয়নমূলক কামৰ আঁচনি লোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে।আনহাতে সভাত উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ অবৈধ বিদেশী সমস্যাৰ কিছু ইতিহাস দাঙি ধৰে। ‘শ্বহীদ দিৱস অকল অগপ নাইবা বিজেপিৰে নহয়,এই দিৱস পালনৰ দায়িত্ব সৰ্বস্তৰৰ ৰাইজ’ৰে বুলি তেওঁ উল্লেখ কৰে।ভাষণত তেওঁ ‘অসম আন্দোলন’ ‘প্ৰথম ভূমিষ্ঠ হৈছিল বজালীৰ প্ৰয়াত বিশিষ্ট ব্যক্তি প্ৰয়াত কামেশ্বৰ দাসৰ বুকুত’ বুলি উল্লেখ কৰে। প্ৰয়াত জনপ্ৰতিনিধি গৰাকীয়ে ১৯৩৯ চনত পোন প্ৰথমে ৰাজ্য বিধানসভাত ৰাজ্যখনৰ অবৈধ বিদেশীৰ প্ৰসঙ্গটো উত্থাপন কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ আগেয়ে ‘অসম কেশৰী’ অম্বিকাগিৰীয়ে অসমত থকা অবৈধ বিদেশীৰ বিষয়টো লৈ জনসাধাৰণক সচেতন কৰি তোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়–‘অসম আন্দোলন’এ অসমীয়া জাতিটোক বিশ্বৰ বুকুত পৰিচয় কৰাই দিলে। ‘অসম আন্দোলন’ নহলে জাতিটোক ভাৰতবৰ্ষয়েই চিনি নাপালেহেঁতেন। অনুষ্ঠানত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰেও ভাষণ দিয়ে। ভাষণত তেওঁ কয়–বিজেপি, অগপ আৰু ইউ পি পি এল দলে খৰ্গেশ্বৰ তালুকদাৰৰ নাম চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰচেষ্টা চলাইছে। সৰুপেটাত নিৰ্মাণৰ কাম চলি থকা ‘ফ্লাই অ’ভাৰ’খন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামেৰে ৰাখিবলৈ আমি চৰকাৰক প্ৰস্তাৱ দিছো। ইতিমধ্যে কাম চলি থকা ষ্টেডিয়ামখনৰ কামৰ আশী শতাংশই সম্পূৰ্ণ হৈছে। ভৱানীপুৰ-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী ‘টুৰিষ্ট হাইৱেৰ নাম ইতিমধ্যে শ্বহীদ খৰ্গেশ্বৰ তাগলুকদাৰৰ নামেৰে নামাকৰণ কৰা হৈছে। অনুষ্ঠানত অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য্যই তেওঁৰ নাতিদীৰ্ঘ ভাষণৰ মাজতে দুটিকৈ দেশপ্ৰেমমূলক গীত পৰিবেশন কৰে। অগপ নেতা ধৰ্মেশ্বৰ ৰয়ে আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ মনোৰঞ্জন দাসে আদৰণী ভাষণ পাঠ কৰে।ইয়াৰ আগেয়ে নাগাৰা, খোল, তাল, ঢোল, বাঁহী আদিৰ সহায়ত লোকবাদ্য পৰিবেশন আৰু সৰুপেটাৰ শঙ্কৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ‘সুধাকণ্ঠ’ ডঃভূপেন হাজৰিকাৰ ‘আই তোক কিহেৰে পুজিম এ…’গীতটি পৰিবেশনৰ জৰিয়তে মুকলি সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।ইয়াৰ পিছতেই অগপ নেতাসকলে ভৱানীপুৰ, নলবাৰী, সৰভোগ আৰু বি টি চি অঞ্চলৰ পৰা বিশেষভাৱে আমন্ত্ৰিত শ্বহীদ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ বহা ঠাইতে গৈ একোখনি গামোচা আৰু একোটাকৈ স্মাৰকেৰে সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাস, ভূপেন ৰয়, নৱনিৰ্বাচিত বিধায়ক দ্বীপ্তিময়ী চৌধুৰী আৰু দলটোৰ ভাতৃ আৰু ভগ্নী সংগঠনৰ বহু কেইগৰাকী নেতা-নেত্ৰী উপস্থিত আছিল।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like