নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ বাবে সকলো সময়তে আগত নিজৰ দেশ : কিলিয়ান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ ২০১৮ চনত দেশৰ জার্ছীত বিশ্বকাপ জয় কৰিছিল কিলিয়ান এমবাপে৷ ২০২২ চনত ফাইনেলত হেটট্রিক কৰিছিল তেওঁ৷ এইগৰাকী ফুটবলাৰে হেনো দেশৰ হৈ খেলিবলৈ বিচৰা নাই৷ কিছুদিন পূর্বে এই কথা সংবাদ মাধ্যমত প্রচাৰ হৈছিল৷ অৱশ্যে তেওঁ এই কথা মানিব বিচৰা নাই৷ তেওঁৰ বাবে দেশতকৈ আন কোনো বস্তু ডাঙৰ হ’ব নোৱাৰে৷ যোৱা মাহত ইজৰাইল আৰু ইটালীৰ বিৰুদ্ধে ফ্রান্সৰ হৈ খেলা নাছিল এমবাপে৷ দলৰ প্রশিক্ষকে জনাইছিল যে এমবাপে শাৰীৰিক আৰু মানসিকভাৱে বিপর্যস্ত৷ সেইবাবে খেলা নাছিল তেওঁ৷ এতিয়া ফ্রান্সৰ অধিনায়ক এমবাপে৷ তেওঁ অক্টোবৰতো আঘাতৰ বাবে ফ্রান্সৰ হৈ খেলা নাছিল৷ অৱশ্যে ৰিয়েল মাদ্রিদৰ হৈ খেলা দেখা গৈছিল তেওঁক৷ জানিব পৰা মতে, প্রশিক্ষকৰ সৈতে সৃষ্টি হোৱা সমস্যাৰ বাবে দেশৰ হৈ খেলা নাছিল এমবাপে৷ অৱশ্যে তেওঁ সদায় দেশৰ হৈ খেলাৰ বিষয়টোক অগ্রাধিকাৰ দি আহিছে৷ এক সাক্ষাৎকাৰত তেওঁ কয় – ‘সকলো সময়তে দেশ সবাতোকৈ আগত৷ ফ্রান্স দলৰ হৈ মোৰ ভালপোৱা অলপো কমা নাই৷ বহু মানুহৰ মানসিক সমস্যা হয়৷ সেই কথা সহজভাৱে লোৱা উচিত নহয়৷ তেনেধৰণৰ মানুহৰ সাহায্যৰ প্রয়োজন৷ মোৰ কেতিয়াও এনে হোৱা নাই৷’ নাম প্রকাশ নকৰাকৈ প্রশিক্ষকৰ দাবী নাকচ কৰে এমবাপে৷

You might also like