এডিলেইডত ষ্টেডিয়ামৰ পৰা উলিয়াই দিলে ভাৰতীয় সমর্থকক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ মহম্মদ ছিৰাজ আৰু ট্রেভিছ হেডৰ মাজত সৃষ্টি হোৱা বিবাদে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ কেৱল এই দুগৰাকী খেলুৱৈৰ বিবাদতে এডিলেইড টেষ্টৰ বিতর্কৰ সমাপ্ত হোৱা নাই৷ খেলপথাৰৰ বাহিৰতো সৃষ্টি হৈছিল আন এক বিতর্ক৷ তাত ছেণ্ড পেপাৰ হাতত লৈ উপস্থিত হৈছিল এজন ভাৰতীয় দর্শক৷ অৱশ্যে তেওঁক খেলপথাৰৰ পৰা উলিয়াই পঠিওৱা হয়৷ কিন্তু ছেণ্ড পেপাৰক লৈ এনে কি হ’ল যে হঠাৎ বিষয়টোৱে শিৰোনাম দখল কৰিলে৷ ক্রিকেট অনুৰাগীসকলৰ নিশ্চয় ২০১৮ চনৰ কথা মনত আছে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সেইবাৰ মেচত অংশগ্রহণ কৰিছিল অষ্ট্রেলিয়াই৷ সেই মেচখনত অষ্ট্রেলিয়াৰ কেমেৰুন বেনক্রফটে ছেণ্ড পেপাৰেৰে বল বিকৃত কৰিছিল৷ এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল ডেভিদ ৱার্নাৰ আৰু অধিনায়ক ষ্টিভ স্মিথক৷ ইয়াৰ ফলত তেওঁলোকক এবছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল৷ স্মিথে নেতৃত্ব হেৰুওৱাৰ লগতে বেনক্র’ফটক ৯ মাহলৈ নিষিদ্ধ কৰা হয়৷ এই ঘটনা ‘ছেণ্ড পেপাৰ গেট’ নামেৰে পৰিচিত হয়৷ এডিলেইডত পুনৰ সেই স্মৃতি ওভতাই আনিলে ভাৰতীয় অনুৰাগীয়ে৷ ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে দেশৰ টেষ্ট জার্ছী পৰিধান কৰা এজন ব্যক্তিয়ে হাতৰ ছেণ্ড পেপাৰ অষ্ট্রেলিয়াৰ দর্শকসকলক দেখুৱাইছিল৷ তেওঁ বাৰে বাৰে ছেণ্ড পেপাৰ ওপৰলৈ দাঙি ধৰিছিল৷ অষ্ট্রেলিয়াক ব্যংগ কৰিবলৈ তেওঁ এই কার্য কৰিছিল৷ অৱশ্যে তেওঁক নিৰাপত্তাৰক্ষীয়ে লগে লগে ষ্টেডিয়ামৰ পৰা বাহিৰ কৰি পঠিয়ায়৷