সংবিধান অপমানক উত্তপ্ত মহাৰাষ্ট্ৰ, হিংসাত্মক পৰিস্থিতি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ মহাৰাষ্ট্ৰৰ পাৰ্ভনীত এজন অচিনাকি ব্যক্তিয়ে সংবিধানক অপমান কৰাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই সময়ছোৱাত বহু অঞ্চলত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। সংবিধানক অপমান কৰাসকলক মৃত্যুদণ্ড দিয়া উচিত বুলি প্ৰতিবাদকাৰীসকলে দাবী জনাইছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছৰ গোলাও নিক্ষেপ কৰা হয়। ইফালে বঞ্চিত বহুজন আঘাদীৰ মুৰব্বী প্ৰকাশ আম্বেদকাৰেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, থাপাৰভানীত জাতিবাদী মাৰাঠা দুস্কৃতিকাৰীয়ে বাবাচাহেবৰ প্ৰতিমূৰ্তিৰ ওপৰত ভাৰতীয় সংবিধান উলংঘা কৰাটো অতি লজ্জাজনক। বাবাচাহেবৰ প্ৰতিমূৰ্তি বা দলিত পৰিচয়ৰ প্ৰতীকত এনে ঘটনা প্ৰথমবাৰৰ বাবে নহয়।