🔹 শিশুক অশ্লীল ইংগিত দি ৰঙাঘৰলৈ ধনেশ্বৰ
বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰ : পানীখাইতী আৰক্ষী চকীৰ অন্তৰ্গত চপাইদাঙৰ ঘুলিগাঁৱত লম্পট বৃদ্ধ এজনে এটি ৬ বছৰীয়া কন্যা শিশুক অশ্লীল ইংগিত দিয়াক কেন্দ্ৰ কৰি নিশা এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পিছত স্থানীয় ৰাইজে লম্পটটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰাৰ পিছত জে’ললৈ প্ৰেৰণ কৰিছে লম্পটটোক। ঘটনাৰ তথ্য অনুসৰি, ধনেশ্বৰ ডেকা নামৰ ধৃত লম্পটটোৱে কালি সন্ধিয়া এটি ৬ বছৰীয়া কন্যা শিশুক অশ্লীল ইংগিত দিছিল। পিছত পৰিয়ালৰ লোকে জানিব পাৰি চুবুৰীয়াক অৱগত কৰে। ৰাইজে লগে লগে লম্পটটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে। পিছত শিশুটিৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পকছ’ আইনৰ ১২ আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৭৫(২) ধাৰাৰ অধীনত ১৩৪ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰোৱাত ন্যায়াধীশে জে’ললৈ প্ৰেৰণ কৰে লম্পটটোক।