নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেট ব’ৰ্ডত দেৱজিৎ শইকীয়া

ভাৰতীয় ক্রিকেটৰ সর্বোচ্চ সংস্থা বি চি চি আইৰ ভাৰপ্রাপ্ত সম্পাদকৰ দায়িত্ব লাভ কৰিছে অসম সন্তান দেৱজিৎ শইকীয়াই৷ ব’ৰ্ডৰ সচিব জয় শ্বাহে আই চি চিৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ লগে লগে তেওঁৰ উত্তৰসূৰীৰ সন্ধান আৰম্ভ হৈছিল৷ কিন্তু বহুকেইজন শক্তিশালী প্রতিদ্বন্দ্বীক অতিক্রম কৰি দেৱজিৎ শইকীয়াই বিশ্বৰ অন্যতম ধনী ক্রীড়া সংস্থাটোৰ মুৰব্বী পদত অধিষ্ঠিত হয়৷ বি চি চি আইৰ সর্বোচ্চ পদত অধিষ্ঠিত হোৱা তেৱেঁই অসমৰ প্রথম ক্রীড়া সংগঠক৷ এই দায়িত্ব লাভৰ এদিন পূর্বে তেওঁ আই চি চিৰ ব’ৰ্ড সঞ্চালক ৰূপে দায়িত্ব লাভ কৰিছিল৷ অহা বছৰৰ ছেপ্টেম্বৰলৈ ব’ৰ্ডৰ ভাৰপ্রাপ্ত সম্পাদক পদত থাকিব শইকীয়া৷ ছেপ্টেম্বৰত পূর্ণকালীন সম্পাদক নিযুক্তি দিয়া হ’ব৷ উল্লেখ্য যে সচিব জয় শ্বাহে আই চি চিৰ দায়িত্ব গ্রহণৰ পিছতে এই পদৰ বাবে কেইবাগৰাকী হেভী ৱেইট প্রার্থীৰ নাম চর্চালৈ আহিছিল৷ ইয়াৰ ভিতৰত আছে প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রয়াত অৰুণ জেটলীৰ পুত্র তথা দিল্লী ক্রিকেট সন্থাৰ সভাপতি ৰোহণ জেটলী৷ এইপর্যন্ত ব’ৰ্ডৰ সচিব পদৰ বাবে নির্বাচনৰ দিন ঘোষণা কৰা নাই আৰু অহা বছৰৰ মাজভাগলৈ জয় শ্বাহৰ কার্যকাল অব্যাহত থাকিব৷ কাৰণ তেওঁ ২০২২ চনত দ্বিতীয়বাৰলৈ এই পদত অধিষ্ঠিত হৈছিল৷ ৰোহণ জেটলীয়ে দিল্লী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কার্যনির্বাহ কৰি আছে৷ অৱশ্যে তেওঁ বিগত চাৰি বছৰে দিল্লী ক্রিকেট সন্থাৰ সভাপতিৰ দায়িত্বত থকাৰ সূত্রে বি চি চি আইৰ সচিব পদৰ অন্যতম দাবীদাৰ হৈ আছে৷ তেওঁৰ উপৰি দৌৰত আছে আই পি এলৰ অধ্যক্ষ অৰুণ ধুমাল, গুজৰাট ক্রিকেট সন্থাৰ সভাপতি ধনৰাজ পৰিমল নাথৱানি আৰু গোৱা ক্রিকেট সন্থাৰ সভাপতি বিপুল ফাৰকে৷ কিন্তু এইসকলৰ এজনৰো খেলুৱৈ হিচাপে নাই কোনো অভিজ্ঞতা৷ মন কৰিবলগীয়া যে ক্রিকেট ব’ৰ্ডৰ সচিব নির্বাচিত হয় বি চি চি আইৰ অনুমোদিত সদস্য সন্থাসমূহৰ জৰিয়তে৷ এই পদৰ বাবে কোনোধৰণৰ অর্হতা অথবা গাইডলাইন দিয়া হোৱা নাই৷ যিকোনো ক্রিকেট প্রশাসকে এই পদৰ বাবে মনোনয়ন দাখিল কৰিব পাৰে৷ সচিব পদৰ দৌৰত থকা ৰোহণ জেটলীৰ দেশৰ ক্রিকেট প্রশাসকৰ মাজত আছে বিশেষ জনপ্রিয়তা৷ তদুপৰি নাথৱানিয়ে ব্যৱসায়িক লবী বিশেষকৈ গুজৰাটৰ পৰা সমর্থন লাভ কৰিব৷ জয় শ্বাহেও অনুৰূপ সমর্থন লাভ কৰাৰ বাবে মাত্র ৩৫ বছৰ বয়সতে সর্বকনিষ্ঠ ব্যক্তি হিচাপে ব’ৰ্ডৰ সচিবৰ দৰে পদত অধিষ্ঠিত হৈছিল৷ ধুমাল আৰু ফাৰকেৰো ক্রিকেট প্রশাসক হিচাপে বি চি চি আইৰ সদস্য সন্থাসমূহৰ মাজত বিশেষ পৰিচিতি আছে৷ গুৰুত্বপূর্ণ কথাটো হৈছে ব’ৰ্ডৰ সচিবক লৈ আৰম্ভ হোৱা এই প্রতিদ্বন্দ্বিতাৰ মাজত শক্তিশালী ৰূপত অৱতীর্ণ হৈছে ব’ৰ্ডৰ যুটীয়া সচিব তথা অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়া৷
সম্প্রতি ভাৰতীয় ৰাজনীতিত বিশেষ প্রভাৱ থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব’ৰ্ডৰ সচিব পদৰ বাবে শইকীয়াক প্রক্ষেপ কৰিলে নিশ্চিতভাৱে তেওঁ সচিব হিচাপে দায়িত্ব লাভ কৰিব৷ এগৰাকী প্রাক্তন প্রথম শ্রেণীৰ ক্রিকেটাৰ হিচাপে আৰু ক্রিকেট প্রশাসকৰ যথেষ্ট অভিজ্ঞতা থকা শইকীয়া হ’ব পাৰে দৌৰত থকা প্রতিদ্বন্দ্বীসকলৰ মাজৰ প্রথম পছন্দ৷ প্রাক্তন ৰঞ্জী ক্রিকেটাৰ শইকীয়াই অসম ক্রিকেট সন্থাৰ উপ–সভাপতি আৰু সম্পাদকৰূপে ইতিমধ্যে সফলতাৰে কার্যকাল সমাপ্ত কৰিছে৷ সম্প্রতি তেওঁ গুৱাহাটী ক্রীড়া সন্থাৰ দৰে ঐতিহ্যমণ্ডিত ক্রীড়া সন্থাৰো সাধাৰণ সম্পাদকৰ দায়িত্বত কার্যনির্বাহ কৰি আছে৷ ৰিয়ান পৰাগ আৰু উমা ছেত্রীয়ে অসমৰ প্রথম ক্রিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ পুৰুষ আৰু মহিলা দলত স্থান লাভ কৰি ইতিহাস গঢ়িছে৷ এইবাৰ দেৱজিৎ শইকীয়াই ব’ৰ্ডৰ ভাৰপ্রাপ্ত সচিবৰ দায়িত্ব লাভেৰে অসমবাসীক গৌৰৱান্বিত কৰিছে৷ পৰৱর্তী সময়ত শইকীয়াই পূর্ণাংগ ৰূপত সচিবৰ দায়িত্ব লাভৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ অৱশ্যে ইয়াৰ বাবে তেওঁক লাগিব মুখ্যমন্ত্রী শর্মা আৰু জয় শ্বাহৰ সমর্থন৷ শইকীয়াই পূর্ণকালীন সময়ৰ বাবে সচিবৰ দায়িত্ব লাভ কৰিলে অসমৰ ক্রিকেট ক্ষেত্রৰ বাবে যথেষ্ট সহায়ক হ’ব৷ অসম ক্রিকেট সন্থাৰ সম্পাদক আৰু ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ যুটীয়া সম্পাদকৰ আসনত ইতিমধ্যে কার্যনির্বাহ কৰাৰ বাবে তেওঁ দেশৰ বিভিন্ন ৰাজ্যৰ ক্রীড়া সন্থাসমূহৰ বিষয়ববীয়াসকলৰ সৈতে যথেষ্ট পৰিচিতি লাভ কৰিছে৷ এই পৰিচিতি আৰু জনপ্রিয়তাই পৰৱর্তী নির্বাচনত তেওঁক প্রভূত পৰিমাণে সহায় কৰাটো নিশ্চিত৷ উল্লেখ্য যে ভাৰতীয় ক্রিকেট ব’ৰ্ডত ৰাজনীতিক আৰু ব্যৱসায়ীৰ ভিৰ পৰিলক্ষিত হৈছে৷ এতিয়া ব’ৰ্ডক ক্রিকেটৰ বিষয়ে জ্ঞান থকা অভিজ্ঞ লোকৰ প্রয়োজন৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা আৰু সম্প্রতি অষ্ট্রেলিয়াৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাত ভাৰতীয় দলৰ শোচনীয় অৱস্থাৰ পিছতে এই দাবী অধিক জোৰদাৰ হৈছে৷ এই দাবীৰ পিছতে দেৱজিৎ শইকীয়াৰ দৰে ক্রিকেটৰ অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ ব’ৰ্ডত পদার্পণৰ আশা সজীৱ হৈ পৰিছে৷ কাৰণ শইকীয়া আছিল এজন প্রথম শ্রেণীৰ ক্রিকেটাৰ৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডত প্রশাসকৰূপে কার্যনির্বাহ কৰি থকাৰ অভিজ্ঞতাই তেওঁক পৰৱর্তী সচিবৰ বাবে অধিক যোগ্য কৰি তুলিছে৷ অসমবাসীয়ে দেৱজিৎ শইকীয়াই ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সচিবৰ দৰে সন্মানজনক আৰু গুৰুত্বপূর্ণ পদবীত অধিষ্ঠিত হোৱালৈ আগ্রহেৰে অপেক্ষা কৰিছে৷

You might also like