৭ বছৰতে বিশ্ব জয়ৰ সপোন দেখিছিল গুকেশে
🔹 চতুর্থ শ্রেণীত নিয়মিতভাৱে যোৱা নাছিল স্কুললৈ
🔹 পুত্রৰ বাবে চাকৰি এৰিছিল পিতৃয়ে
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : পখিলা খেদাৰ বয়সতে বিশ্ব জয়ৰ সপোন দেখিছিল ডি গুকেশে৷ ৭ বছৰ বয়সতে দবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন পুহি ৰখা গুকেশে ১৮ বছৰত বাস্তৱায়িত কৰিলে৷ বহু ঘাত–প্রতিঘাত অতিক্রম কৰি অৱশেষত বিশ্ব দবাত নতুন ইতিহাস ৰচিলে ভাৰতৰ যুৱ দবাৰু গুকেশে৷ কনিষ্ঠতম হিচাপে বিশ্ব দবাৰ ইতিহাস ৰচা গুকেশৰ বাবে পৰিয়ালে বহু ত্যাগ কৰিবলগীয়া হৈছিল৷ আনকি গুকেশৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোনক বাস্তাৱিত কৰাৰ বাবে পিতৃয়ে এৰিছিল চাকৰি৷ ইফালে, দবাত অধিক মনোনিৱেশ কৰাৰ বাবে গুকেশে চতুর্থ শ্রেণীতে নিয়মীয়াকৈ স্কুললৈ যোৱাটো বন্ধ কৰিছিল৷ পিতৃ–মাতৃয়ে গুকেশৰ আত্মবিশ্বাসক বিশ্বাস কৰিছিল যদিও মাত্র ১১ বছৰৰ ভিতৰতে তেওঁৰ নিজৰ সপোন বাস্তাৱিত কৰিব পাৰিব বুলি ভবা নাছিল৷ অৱশেষত কঠিন পৰিশ্রমৰ অন্তত কনিষ্ঠতম দবাৰু হিচাপে বিশ্ব চেম্পিয়ন হৈ ইতিহাস ৰচিবলৈ সক্ষম হয় গুকেশে৷ বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্রম, অতুলনীয় ত্যাগ আৰু অতুলনীয় দৃঢ়তাই অৱশেষত ফল দিলে বুলি মন্তব্য কৰে গুকেশৰ পিতৃ–মাতৃয়ে৷ বিশ্ব শিখৰত নাম লিপিবদ্ধ কৰাৰ যাত্রাত কেৱল গুকেশৰে নহয়, পিতৃ–মাতৃৰো বহু ত্যাগ জড়িত হৈ আছে৷ পুত্র গুকেশক বিশ্বৰ অন্যতম শ্রেষ্ঠ দবাৰু হিচাপে গঢ়ি তোলাৰ বাবে গুকেশৰ পিতৃ ফাদাৰ ৰজনীকান্তেই ইএনটি ছার্জনৰ চাকৰি ত্যাগ কৰিছিল আৰু মাতৃ পদ্মাই পৰিয়ালটোৰ ভৰণ–পোষণৰ দায়িত্ব লৈছিল৷ ঘৰখনৰ একমাত্র জীৱিকাৰ গৰাকী হৈ পৰিছিল মাতৃ পদ্মা৷ ‘আমি বৰ ধনী পৰিয়াল নাছিলোঁ৷ গতিকে, তেওঁলোকে বহু আর্থিক সংগ্রামৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কিন্তু সেই সময়ত মই উপলব্ধি কৰা নাছিলোঁ৷ ২০১৭–১৮ চনৰ সময়ছোৱাত আমাৰ হাতত ইমান সুবিধা নাছিল৷ প্রতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে বন্ধুসকলে মোক সহায় কৰিছিল৷ মোৰ পিতৃ–মাতৃয়ে কেৱল মোৰ বাবে জীৱনশৈলীৰ পৰিৱর্তন কৰিবলগীয়া হৈছিল৷’– বিশ্ব দবাৰ নতুন চেম্পিয়ন গুকেশে এনেদৰে মন্তব্য কৰে৷ গুকেশৰ দবাযাত্রা আৰম্ভ হৈছিল ২০১৩ চনত৷ কেইবাবাৰো বয়স গোটৰ প্রতিযোগিতাত চেম্পিয়ন হোৱা গুকেশে ২০১৭ চনত ফ্রান্সত অনুষ্ঠিত এখন প্রতিযোগিতাৰ অন্তত আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ খিতাপ দখল কৰিছিল৷ যুৱ চেম্পিয়নগৰাকীৰ প্রাৰম্ভিক সফলতাৰ ভিতৰত আছিল ৯ বছৰ অনূর্ধ্বৰ এছিয়ান চেম্পিয়নশ্বিপ আৰু ২০১৮ চনত ১২ বছৰ অনূর্ধ্ব শাখাত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত চেম্পিয়ন৷ ৬৪ বর্গক্ষেত্রৰ দবা ব’ৰ্ডৰ প্রতি গুকেশৰ আকর্ষণে তেওঁৰ পিতৃ–মাতৃয়ে চতুর্থ শ্রেণীৰ পিছত পূর্ণকালীনভাৱে স্কুলত যোৱাত বাধা দিছিল৷ ২০১৯ চনত নতুন দিল্লীত অনুষ্ঠিত এখন প্রতিযোগিতাত গুকেশ ইতিহাসৰ দ্বিতীয় কনিষ্ঠ গ্রেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছিল৷ এই অভিলেখ তেতিয়া কেৱল ৰাছিয়াৰ ছার্গেই কার্জানিকে অতিক্রম কৰিছিল যদিও পিছলৈ আমেৰিকাৰ ভাৰতীয় মূলৰ অভিমুন্য মিশ্রই ভংগ কৰিছিল৷ ইটোৰ পিছত সিটো মাইলৰ খুঁটিত উপনীত হোৱা গুকেশে নিজৰ দ্রুত উত্থান অব্যাহত ৰাখিলে৷ কিন্তু এই সকলোবোৰ চলি থকাৰ সময়তে গুকেশে পৃষ্ঠপোষক নোহোৱাকৈয়ে পুৰস্কাৰৰ ধন আৰু অভিভাৱকৰ পৰা লাভ কৰা ধনৰ জৰিয়তে নিজৰ বিত্তীয় ব্যৱস্থা পৰিচালনা কৰিবলগীয়া হৈছিল৷ উল্লেখ্য যে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হোৱা দ্বিতীয় ভাৰতীয় দবা খেলুৱৈ হিচাপে পৰিগণিত হোৱা গুকেশৰ জন্ম হৈছিল চেন্নাইৰ তেলুগু পৰিয়ালত৷ তেওঁৰ পিতৃ ৰজনীকান্ত এজন কাণ, নাক আৰু ডিঙিৰ বিশেষজ্ঞ৷ গুকেশৰ মাতৃ পদ্মা এগৰাকী অণুজীৱ বিজ্ঞানী৷ সাত বছৰ বয়সৰ পৰা দবা খেলি অহা গুকেশে আজি নিজৰ প্রিয় খেলত সর্বোচ্চ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷