নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ সম্প্ৰতি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ অভিযানত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জইছ-ই-মহম্মদ (Jaish-e-Mohammed), চমুকৈ জেইএমৰ সৈতে জড়িত চাৰিজনকৈ যুৱক জালত পৰিছে। এই ঘটনা নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ বাবে এক অশনি সংকেতৰূপেই বিবেচিত হৈছে। উল্লেখ্য যে, সম্প্রতি নিৰ্দিষ্ট এক তথ্যৰ ভিত্তিত এনআইএৰ এটি দলে অসম আৰক্ষীৰ এছটিএফ এটা দলৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই জেইএমৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ছাহানূৰ ইছলাম, আবু তাহেৰ, জয়নাল আবেদিন আৰু ছাহানূৰ আলম নামৰ চাৰিজনকৈ যুৱকক কৰায়ত্ত কৰিছে। উল্লেখনীয় যে, পাকিস্তানৰ চোৰাংচোৱা সন্থা ইন্টাৰ চাৰ্ভিচেছ ইনটেলিজেন্স (আইএছআই)ৰ সহযোগত ২০০০ বৰ্ষত জন্ম সভা জেইএম মূলতঃ জম্মু আৰু কাশ্মীৰতেই সক্ৰিয় বুলি ধাৰণা কৰা হৈছিল। কিন্তু নামনি অসমৰ পৰা চাৰিজনককৈ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিছত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলতো সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ তৎপৰতা আৰম্ভ কৰিছে নেকি বুলি এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ জন্ম দিছে। অৱশ্যে, এনআইএ অথবা আভ্যন্তৰিণ নিৰাপত্তাৰ সৈতে জড়িত কোনো এটা কেন্দ্রীয় সংস্থাই এতিয়ালৈ আনুষ্ঠানিক ভাবে সদৰি কৰা নাই যদিও বাংলাদেশৰ সাম্প্রতিক অস্থিৰতাৰ সুযোগ লোৱাৰ বাবে জেইএমৰ তৎপৰতা আৰম্ভ হোৱাটো নিশ্চিত হৈ পৰিছে। দেশখনত সক্ৰিয় জেহাদী আৰু মৌলবাদী শক্তিবোৰৰ সহযোগত জেইএমে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দুৰ্গম অঞ্চলক বাংলাদেশৰ পৰা অসম হৈ ভাৰতত প্ৰৱেশ কৰাৰ এক কৰিডৰ ৰূপে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি বুলিও আশংকা কৰা হৈছে। ইয়াতে উল্লেখনীয় এয়াও যে অ’ল-কায়দা আৰু আফগানিস্তানৰ তালেবানী শক্তিৰ সৈতে সম্পৰ্ক থকা জেইএমৰ আছে ভয়ংকৰ, ৰক্তাত্ত ইতিহাস। ২০০১ চনৰ জম্মু আৰু কাশ্মীৰৰ বিধানসভা ভৱনৰ ওপৰত আক্ৰমণ, ২০০১ চনত দেশৰ সংসদ ভৱনৰ ওপৰত আক্ৰমণ, ২০১৬ চনৰ পাঠানকোট বিমানঘাঁটি আক্ৰমণ, ২০১৯ চনৰ ফুলবামা আক্ৰমণ আদিকে ধৰি বিভিন্ন ধৰণৰ দেশ বিৰোধী কূটঘাতমূলক কামৰ সৈতে জড়িত জেইএম জম্মু আৰু কাশ্মীৰৰ মূল জেহাদী গোট বুলিয়েই জনাজাত। তাৰেই প্ৰেক্ষাপটত শেহতীয়াকৈ জেইএমৰ তৎপৰতা নামনি অসমতো আৰম্ভ হোৱালৈ চাই এয়া খুবেই উদ্বেগজনক বুলিয়েই কিন্তু বিবেচিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী