বিটিচিৰ ফকিৰাগ্ৰাম অজনজাতি সমষ্টিত মত বিনিময় সুকুমাৰ দেৱনাথৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ সমাগত ২০২৫ৰ বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমুহ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই শাসকীয় দলসমুহৰ লগতে বিৰোধী দলৰ নেতা কৰ্মীসকলো। হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ একাংশ নেতা কৰ্মী সকলো দলটোক অধিক শক্তিশালী কৰিবলৈ গাৱে ভূৱে প্ৰবেশ কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমাধানৰ প্ৰচেষ্টাও অব্যাহত ৰাখিছে। চিথিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক সুকুমাৰ দেবানাথৰ উদ্যোগত ফকিৰাগ্ৰাম সমষ্টিৰ ঘৰে ঘৰে গৈ ৰাইজৰ লগত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিব ধৰিছে একাংশ দলীয় কৰ্মী। প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক সুকুমাৰ দেৱনাথৰ ৰাইজৰ লগত অনুষ্ঠিত কৰা মত বিনিময় অনুষ্ঠানৰ জৰিয়তে সুকুমাৰ দেৱনাথে বহুতো গাওত মন্দিৰ মৰ্জিদ আদি নিৰ্মান কৰি দিয়াৰ লগতে সৰু সৰু ৰাস্তাৰো মেৰামতি কৰি দিআছে নিজৰ গাঠিৰ ধনেৰে। প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজসেৱক সুকুমাৰ দেৱনাথৰ এনে কাৰ্যই ফকিৰাগ্ৰাম সমষ্টিত বিপিএফ দলক অধিক শক্তিশালী কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চাও লাভ কৰিছে। ইতিমধ্যে সুকুমাৰ দেৱনাথে খেজুৰবাৰী গাওৰ জগদ্ধাত্ৰী মন্দিৰ, শংকৰাৰা গাঁৱত হৰি মন্দিৰ, চিথিলা হৰিমন্দিৰ আদিৰ নিৰ্মানৰ লগতে গাৰ্ডৱাল নিৰ্মান কৰি দিয়াত অঞ্চল সমুহৰ ৰাইজে ধন্যবাদ জনাইছে দেৱনাথক।
প্ৰেৰক কৃষ্ণ বৰ্মন