ডেপছাঙৰ পৰা ২০ কিঃমিঃ পিছুৱালে চীনা সেনা
🔹 ভাৰতীয় সেনাৰ সাহসিকতা : লাডাখৰ পূব প্রান্তত ৫০ হাজাৰ সেনাৰ পেট্র’লিং
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : লাডাখৰ পূব প্রান্তত ৫০ হাজাৰ ভাৰতীয় সেনাৰ অধ্যৱসায় আৰু সাহসিকতাই অৱশেষত ফলপ্রসূতা লাভ কৰিলে৷ গালৱান সংঘর্ষৰ পাছত ভাৰতীয় সেনাৰ সাহসী জোৱানে প্রচণ্ড শীতৰ মাজতো লাডাখৰ পূব প্রান্তত সাহসিকতাৰে থিয় দি থাকি চীনা সেনাক পিছুৱাবলৈ বাধ্য কৰালে৷ চীন–ভাৰতৰ সহমতৰ চুক্তি অনুসৰি লাডাখৰ বিবদমান অঞ্চলৰ পৰা সেনা প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে ভাৰতীয় সেনাই এলএচিৰ কাষত পেট্র’লিং আৰম্ভ কৰিছে৷ ডেপছাং ছেক্টৰৰ পৰা চীনা সেনা প্রত্যাহাৰ কৰাই নহয়, এই অঞ্চলৰ ২০ কিলোমিটাৰ নিলগলৈ পিছুৱাই গৈছে চীনা সেনা৷ এই অঞ্চলটোত এতিয়া ভাৰতীয় সেনাই পেট্র’লিং কৰি আছে৷ চীনা সেনাই ধ্বংস কৰা ডেপছাং ছেক্টৰৰ ৱাই জংচনৰ তিনিটা নিৰীক্ষণ চকীও এতিয়া ভাৰতীয় সেনাই দখল কৰি পহৰা দি আছে৷ চীনা সেনাই বিবদমান অঞ্চলৰ পৰা ২০ কিলোমিটাৰ আঁতৰি যোৱাত ভাৰতীয় সেনাই নির্বিঘ্নে পেট্র’লিং কৰি আহিছে৷ কৃত্রিম উপগ্রহৰ আলোকচিত্রত উক্ত অঞ্চলৰ শেহতীয়া এই তথ্য পোহৰলৈ আহিছে৷ মন কৰিবলগীয়া যে ২১ অক্টোবৰত ভাৰত আৰু চীনে এলএচিৰ উত্তেজনা হ্রাস কৰিবলৈ ডেমছ’ক আৰু ডেপছাঙৰ পৰা সেনা প্রত্যাহাৰৰ চুক্তি সম্পাদন কৰিছিল৷ সেইমর্মেই দুয়োটা অঞ্চলৰ পৰা সেনা প্রত্যাহাৰ কৰা হৈছে৷ চীনা সেনা আঁতৰি যোৱাৰ পাছত অর্থাৎ চীনৰ আগ্রাসী অঞ্চলসমূহত এতিয়া ভাৰতীয় সেনাৰ পেট্র’লিং৷