ইণ্ডিয়া নেক্সট মাষ্টাৰ কিডছত ৰানাৰ্ছ আপ বৰভাগৰ প্ৰিয়াঞ্চী
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ : শিশুসকলৰ বাবে থকা দেশৰ বৃহৎ ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়া নেক্সট মাষ্টাৰ কিডছ চেছন-৪’ প্ৰতিযোগিতাত প্ৰথম ৰাণাৰ্ছ আপ খিতাপ দখলেৰে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নলবাৰী বৰভাগৰ কৰ্দৈতোলা নিৱাসী শিশু কন্ঠশিল্পী প্ৰিয়াঞ্চী দাস। উল্লেখ্য যে ইতিমধ্যে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা মাষ্টাৰ কিডছত নিৰ্বাচিত হৈ নতুন দিল্লীত অনুষ্ঠিত মাষ্টাৰ কিডছ চেছন-৪ৰ গ্ৰেণ্ড ফাইনেলত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হয় প্ৰিয়াঞ্চীয়ে। উল্লেখ্য পান-তামোলৰ দোকানেৰে পৰিয়াল ভৰণ-পোষণ দিয়া বীৰেন দাসৰ কন্যা প্ৰিয়াঞ্চীৰ এই সফলতাৰ বাবে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ঘৰুৱা অনাটন তথা সীমিত সুবিধাৰ মাজেৰেই সংগীতৰ সাধনা কৰি অহা বৰবৰী হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াঞ্চীয়ে ইতিমধ্যে বিদ্যালয় পৰ্যায়ত তথা বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিভিন্ন সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইপিনে, উক্ত ৰিয়েলিটি শ্ব’ৰ পৰা প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা কণমানি প্ৰিয়াঞ্চীয়ে ইণ্ডিয়া নেক্সট মাষ্টাৰ কিডছ চেছন-৫ৰ বাবেও নিৰ্বাচিত হবলৈ সক্ষম হৈছে।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ