নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ ছত্ৰছায়াত ধুবুৰীৰ বাঘমাৰা পাহাৰত অবাধ ধ্বংস

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ খোদ বন বিভাগৰ ছত্ৰছায়াতেই ধুবুৰী জিলাৰ আলমগঞ্জৰ সমীপৰ বাঘমাৰা অঞ্চলৰ পাহাৰ এখন এতিয়া ধ্বংসৰ গৰাহলৈ ধাবমান হোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, বাঘমাৰা নামৰ সেই পাহাৰখনৰ মূল্যবান গছ ইতিমধ্যে কাটি তহিলং কৰাৰ পিছত এতিয়া চলিছে জেচিবিৰে এফালৰ পৰা পাহাৰখনৰ মাটিৰ অবাধ খনন। অভিযোগ অনুসৰি, দুটাকৈ নিৰ্মীয়মান চৰকাৰী প্ৰকল্পৰ মাটি যোগান ধৰাৰ গইনা লৈ মুকলি কৈ অবৈধ ভাবে পাহাৰখনৰ ৰঙা মাটি ডাম্পাৰে ডাম্পাৰে বিক্রি কৰি আছে এটা বিশেষ চক্ৰই ইপিনে এই ঘটনাটোৰ সৈতে নাম সাঙোৰ খাই পৰিছে ধুবুৰীৰ বন বিভাগকে ধৰি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ নামে। এই সন্দৰ্ভত কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টি কেপিপি)ৰ জিলা সভাপতি নিখিল ৰায়ৰ অভিযোগ এয়াও যে, এইদৰে ধুবুৰী জিলাত পাহাৰৰ মাটিৰ অবাধ খননৰ বিষয়টো বিগত প্ৰায় ৩/৪ মাহ পূৰ্বে ধুবুৰীৰ বন সংমণ্ডল বিষয়াক লিখিত অভিযোগ দিও পাহাৰ-ধ্বংস বন্ধ নোহোৱাৰ। ঠিক অনুৰূপে পাহাৰখনৰ মাটি কঢ়িওৱা অভাৰলোড ডাম্পাৰবোৰৰ সন্দৰ্ভতো ধুবুৰী জিলাৰ পৰিবহন বিষয়াক অভিযোগ দিয়া স্বত্বেও একো পদক্ষেপ লোৱা নোহোৱাৰো অভিযোগ ৰায়ৰ। উল্লেখ্য যে, কেৱল বাঘমাৰা পাহাৰেই নহয়; জিলাখনৰ অইন একাংশ অঞ্চলকে ধৰি খৰালিত বৰলুইতৰ জল স্তৰ কমি সৃষ্টি হোৱা বিস্তীৰ্ণ চৰাঞ্চল একাংশতো অবাধে মাটি খনন আৰম্ভ হোৱা বুলিও জানিব পৰা গেছে। ফলত স্বাভাবিক ভাবেই চৰকাৰী ভূমিৰ মাটি, বালি অবৈধ ভাবে বিক্ৰী কৰি হৈ থকা স্বত্বেও কিন্তু চৰকাৰে ৰাজহৰূপে পাই নাই প্ৰাপ্য শুল্ক। তাৰেই পৰিপ্ৰেক্ষিতত জিলাখনত সক্ৰিয় সৈ ভূ-মাফিয়াবোৰক নাকি লগোৱাৰ প্ৰয়োজন থকা বুলি উচ্চাৰিত হোৱাৰ সমান্তৰালকৈ বিষয়টো লৈ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰো কামনা কৰিছে সচেতন ৰাইজে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like