নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থপ্রেমীৰ উপস্থিতিত উদুলি–মুদুলি বৰহোলা গ্রন্থমেলা

অসমীয়া যুৱ মঞ্চৰ গ্রন্থ বিপ্লৱলৈ পাঠকৰ সঁহাৰি

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ‘কা’বিৰোধী আন্দোলন আৰু ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতো তিতাবৰ মহকুমাৰ সীমান্তৱর্তী বৰহোলাত আৰম্ভ হৈছে গ্রন্থ বিপ্লৱ৷ বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত একাদশ বর্ষৰ বাবে আয়োজিত বৰহোলা গ্রন্থমেলাখনে বিগত দহ বছৰে অঞ্চলটোত এক গ্রন্থ বিপ্লৱৰ সূচনা কৰি আহিছে৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ কেইবাখনো বিপণী আৰু প্রকাশন প্রতিষ্ঠানে অংশগ্রহণ কৰা গ্রন্থমেলাৰ আজি দ্বিতীয় দিনটোত স্থানীয় যথেষ্টসংখ্যক গ্রন্থপ্রেমীৰ উপস্থিতিত উদুলি–মুদুলি পৰিৱেশ সৃষ্টি হৈছে৷ গ্রন্থপ্রেমীৰ ভিৰে উদ্যোক্তাসকলক যথেষ্ট উৎসাহিত কৰিছে৷ আজি পুৱা অনুষ্ঠিত নেওতা পঢ়া, পাঠ পঢ়া আৰু সাধু কোৱা প্রতিযোগিতাত অঞ্চলটোৰ কেইবাশ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে৷ আবেলিলৈ কবি ৰঞ্জিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হয় কবিতা পাঠ অনুষ্ঠান৷ অনুষ্ঠানত যোৰহাট জিলা মুকলি কবি মঞ্চৰ বহুকেইগৰাকী সন্মানীয় কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷ সন্ধিয়ালৈ আছে নগাবাট জাতীয় বিদ্যালয়ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান৷ আয়োজক সমিতিয়ে জনোৱা মতে, কাইলৈ ১৩ মার্চত হাতৰ আখৰ, শ্রুতলিপি আৰু সৃষ্টিশীল নৃত্য প্রতিযোগিতাৰ লগতে ১৪ মার্চত আছে সদৌ অসম ভিত্তিত দিহানাম প্রতিযোগিতা৷ ১৫ মার্চত আছে বিষ্ণু ৰাভা সংগীত, পার্ৱতি সংগীত আৰু ভূপেন্দ্র সংগীত প্রতিযোগিতা৷ আটাইকেইটা দিনত সকলো লোকৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে৷

You might also like