নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় স্কুল গেমছ কাৰাটেত মৰিয়নিৰ সুনয়না গগৈৰ ব্ৰঞ্জৰ পদক

বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ পঞ্জাৱৰ লুধিয়ানাৰ বি চি এম আৰ্য্য ম’ডেল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ইনড’ৰ ষ্টেডিয়ামত ১১ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰাটে প্ৰতিযোগিতাত মৰিয়নিৰ সুনয়না গগৈয়ে নিজৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিছে। সুনয়নাই ১৪ বছৰৰ অনুৰ্দ্ধ ইভেন্টৰ ৩৪ কেজি শাখাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। প্ৰতিযোগিতাখনত দমনীয় প্ৰদৰ্শনেৰে প্ৰাৰম্ভিক ৰাউণ্ড সমূহত জয়ী হোৱাৰ অন্তত ছেমিফাইনেলত পঞ্জাৱৰ প্ৰতিদ্বন্দীৰ হাতত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয়। এগৰাকী সুদক্ষ কাৰাটে খেলুৱৈ সুনয়না মৰিয়নিৰ ডকলঙ্গীয়া অঞ্চলৰ নিবাসী, যুৱ ব্যৱসায়ী সত্যজিত গগৈ আৰু শিখামনি গগৈৰ একমাত্ৰ কন্যা। বৰ্তমান মৰিয়নিৰ চেইন্ট এন্টনীজ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সুনয়নাই মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ (দ্বীপ)ৰ তত্বাৱধানত কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সুনয়নাৰ এই সাফল্যত মৰিয়নি ক্ৰীড়া সন্থাৰ লগতে প্ৰেছ ক্লাৱ, ই-মেডিয়া সন্থা আদিয়ে খেলুৱৈগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ (দ্বীপ)য়েও সুনয়নাৰ সফলতাত অভিনন্দন জনাইছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like