আমিনগাঁৱৰ কেশৱ কলিতাক ডক্টৰেট ডিগ্ৰী প্ৰদান GHRPFৰ
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আমিনগাঁও নিবাসী বিশিষ্ট সমাজ কৰ্মী কেশৱ কলিতালৈ দিল্লীস্থিত এছিয়ান ডিজিটেল বিশ্ববিদ্যালয়ৰ অধীনস্থ GHRPF গৱেষণা প্ৰতিষ্ঠানে যোৱা ১০ ডিচেম্বৰত সন্মানজনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। বিগত দশকজুৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত কেশৱ কলিতা এগৰাকী আমিনগাঁও অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী। তেওঁক দিল্লীৰ “ক্ৰিয়েটিভ আনলক”ত যোৱা ১০ ডিচেম্বৰত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৫গৰাকী বিশিষ্ট ব্যক্তিৰ লগত একেলগে প্ৰদান কৰে ডক্টৰেট ডিগ্ৰী। ডক্টৰেট ডিগ্ৰী লাভ কৰি উৎফুল্লিত হয় সমাজসেৱকগৰাকী আৰু এই সন্মান লাভ কৰি তেওঁ ভৱিষ্যতে সামাজিক ক্ষেত্ৰত কাম কৰাৰ আৰু উদগনি পাব বুলি প্ৰকাশ কৰে। তেওঁ এই সন্মান লাভ কৰাৰ পিছত আমিনগাওঁ অঞ্চলৰ বিভিন্ন দল-সংগঠন, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম আদৰনি জনায়।
প্ৰেৰক মুনীন ডেকা