মাজুলীৰ ডিপোত গ্ৰাহকৰ বাইকত তেলৰ সলনি সোমাল পানী
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ : মাজুলীৰ একাংশ পেট্ৰল-ডিজেলৰ তেলৰ ডিপোত বিভিন্ন সময়ত বিসংগতি সংঘটিত হৈ আহিছে৷ এই ডিপোসমুহত কেতিয়াবা তেলত পানী উলোৱা, গ্ৰাহকক তেল কমকৈ দিয়া আদিৰ অভিযোগ উঠি অহাৰ মাজতে মাজুলী সদৰ গড়মূৰৰ এটা তেল ডিপোত আজি প্ৰায় দহখনৰো অধিক গ্ৰাহকৰ বাইকত তেলৰ সলনি পানী সোমোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে Leja fuel serviceত তেল ভৰোৱা প্ৰায় ১০ খন মান বাইক তেল ভৰাই কিছু দূৰ যোৱাৰ পিছতেই ষ্টাৰ্ট বন্ধ হৈ বিকল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বাইকসমূহ পৰীক্ষা কৰাত মটৰচাইকেলসমুহত তেলৰ সলনি টেংকীৰ পৰা পানী ওলোৱা পৰিলক্ষিত হয়। উক্ত ডিপোত তেল ভৰাই গন্তব্য স্থানলৈ যোৱাৰ বাটতে বাইক সমূহ বিকল হৈ পৰাৰ বাবে এই ঘটনা পোহৰলৈ অহাত বাইক আৰোহীসকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ডিপোটোৰ স্বত্বাধিকাৰী দেৱজিৎ দত্তই পানী মিহলি তেলসমুহ ঘুৰাই লৈ আন তেল ভৰাই বিকল হোৱা বাইকসমূহ ডিপোৰ তৰফৰ পৰা মেৰামতি কৰি দিয়া হয় বুলি উল্লেখ কৰে। আনহাতে বিষয়টোৱে মাজুলীত বিশেষ চৰ্চা লাভ কৰাৰ লগতে ডিপোত তেলৰ সলনি পানী উলোৱা কাৰ্যৰ এক উচিত তদন্তৰ দাবী জনাইছে সচেতন মহলে৷ আত্মপক্ষ সৰ্মথন কৰি ডিপোৰ কতৃপক্ষই কথা কব বিচাৰিলেও এইবোৰ ঘটনাৰ বাবে কতৃপক্ষই জগৰীয়া বুলি সচেতন মহলে মন্তব্য কৰাৰ লগতে ডিপোটোৰ তেলৰ এক উচিত পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড