নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিন্দুৰ ওপৰত ২,২০০টা হিংসা, পাকিস্তানত ১১২টা আক্রমণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ডিচেম্বৰঃ বাংলাদেশত চলিত বর্ষত হিন্দুসকলৰ বিৰুদ্ধে ২,২০০ হিংসাৰ ঘটনা ঘটিছে৷ এই হিংসাৰ ঘটনাবোৰৰ বেছিভাগেই সংঘটিত হৈছে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত৷ ৰাজ্যসভাত এই কথা সদৰী কৰিছে বিদেশ মন্ত্রালয়ে৷ সংসদৰ উচ্চ সদনত এই কথাও জনোৱা হৈছে যে চলিত বর্ষত পাকিস্তানত হিন্দুৰ ওপৰত সংঘটিত হৈছে ১১২টা হিংসাত্মক ঘটনা৷ ৰাজ্যসভাত এই সম্পর্কীয় প্রয়োজনীয় পৰিসংখ্যা দি বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দুয়োখন প্রতিবেশী দেশৰ চৰকাৰলৈ পত্র প্রেৰণ কৰিছে ভাৰতে৷ ৰাজ্যসভাত এক প্রশ্নৰ লিখিত উত্তৰ দিয়ে বিদেশ দপ্তৰৰ ৰাজ্যিক মন্ত্রী কীর্তিবর্ধন সিঙে৷ মন্ত্রীগৰাকীয়ে নিজৰ উত্তৰত প্রতিবেশী দুয়োখন দেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাৰ তথ্য তুলি ধৰে৷ লক্ষণীয় যে বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু তথা মানৱ অধিকাৰ সংগঠনৰ পৰা পোৱা তথ্যৰ কথাও পৰিসংখ্যাত উল্লেখ কৰিছে মন্ত্রীগৰাকীয়ে৷ ইফালে বিদেশ মন্ত্রালয়ৰ পৰা প্রকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে এনে হিংসাত্মক ঘটনা সন্দর্ভত বাংলাদেশ তথা পাকিস্তান চৰকাৰৰ ওচৰত ভাৰতৰ উদ্বেগৰ কথা জনাই দিয়া হৈছে৷ বাংলাদেশ চৰকাৰে দেশখনৰ আভ্যন্তৰত হিন্দু তথা সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিব বুলি আশা প্রকাশ কৰিছে ভাৰতে৷ অনুৰূপ ধৰণে পাকিস্তান চৰকাৰৰ সৈতেও বিষয়টোক লৈ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা আলোচনা কৰা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ কূটনৈতিক মাধ্যমত হিন্দুসকলৰ ওপৰত হিংসাৰ বিষয়টো পাকিস্তান চৰকাৰৰ ওচৰত তুলি ধৰিছে বিদেশ মন্ত্রালয়ে৷ পাকিস্তানত ধর্মীয় অসহিষ্ণুতা, হিংসা আৰু সংখ্যালঘুসকলৰ ওপৰত আক্রমণৰ বিষয়টোক লৈ কূটনৈতিক পর্যায়ত বিদেশ মন্ত্রালয়ে উদ্বেগ প্রকাশ কৰিছে৷ ইফালে পাকিস্তানত সংখ্যালঘুৰ সংকট সন্দর্ভত আন্তর্জাতিক মঞ্চতো ভাৰতে বিভিন্ন তথ্য তুলি ধৰা বুলি বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা ৰাজ্যসভাত সদৰী কৰা হৈছে৷ স্মর্তব্য যে সংখ্যালঘু হিন্দুৰ ওপৰত আক্রমণক লৈ ভাৰত–বাংলাদেশৰ সম্পর্কৰ অৱনতি ঘটিছে৷

You might also like